ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

গৌৰীপুৰত আৰক্ষী অভিযানত মাদক দ্রব্য জব্দ কৰাৰ লগতে ২ সৰবৰাহকাৰীক আটক

■ ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষীয়ে কালি অভিযান চলাই বুজন পৰিমাণৰ মাদকদ্রব্য জব্দ কৰাৰ লগতে দুজন সৰবৰাহকাৰীক আটক কৰে। গৌৰীপুৰৰ ডুমৰদহৰ ঠেংমেলা হাটত কালি বিয়লি চলোৱা অভিযানত আৰক্ষীয়ে বুজন পৰিমাণৰ ব্ৰাউন ছুগাৰৰ লগতে আঠটা ম’বাইল ফোন, দুখন মটৰ চাইকেল আৰু অন্যান্য সামগ্রী জব্দ কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে ধৃত সৰবৰাহকাৰী দুজনে দীৰ্ঘদিন ধৰি মাদক দ্রব্য সৰবৰাহ কৰি অহাৰ অভিযোগ আছে। আৰক্ষীয়ে লোক দুজনক থানালৈ নি সোধাপোছা কৰি আছে। ইপিনে, মৰিগাঁও জিলাৰ জাগীৰোড আৰক্ষীয়ে যোৱানিশা ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত চলোৱা অভিযানত বুজন পৰিমাণ হেৰ’ইন জব্দ কৰাৰ লগতে দুজন সৰবৰাহকাৰীক আটক কৰে। আৰক্ষীয়ে সৰবৰাহকাৰী দুজনৰ পৰা পাঁচটা চাবোনৰ বাকচত লুকুৱাই অনা ৫৯ গ্রাম হেৰ’ইন জব্দ কৰে। জব্দ কৰা হেৰ’ইন খিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য ১২ লাখ টকা হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে।