ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 21, 2025 7:59 PM | FIDE world cup chess

printer

গোৱাৰ মুখ্যমন্ত্রী ড০ প্রমোদ চাৱন্তে ফিদে বিশ্বকাপ ডবা প্রতিযোগিতা-২০২৫ৰ লগ’ আৰু শীর্ষক গীত আনুষ্ঠানিকভাৱে মুকলি কৰে

গোৱাৰ মুখ্যমন্ত্রী ড০ প্রমোদ চাৱন্তে ফিদে বিশ্বকাপ ডবা প্রতিযোগিতা-২০২৫ৰ লগ’ আৰু শীর্ষক গীত আনুষ্ঠানিকভাৱে মুকলি কৰে। জনপ্রিয় গায়ক ডলেৰ মেহন্দীয়ে প্রতিযোগিতাৰ শীৰ্ষক গীতটোত কণ্ঠদান কৰিছে আৰু লগ’টোত গোৱাৰ সংস্কৃতিৰ প্ৰতিফলন ঘটোৱা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৌশলগত চিন্তা-ধাৰা আৰু নেতৃত্বৰ গুণসমূহ ছাত্র-ছাত্রীৰ মাজত বিকশাই তোলাৰ ক্ষেত্ৰত ডবাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰাজ্যখনৰ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ডবাৰ প্ৰচলনৰ বাবে আহ্বান জনাইছে। এই বিশ্বকাপ ডবা প্রতিযোগিতা ৩১ অক্টোবৰৰ পৰা ১৭ নবেম্বৰলৈকে গোৱাত অনুষ্ঠিত হ’ব। সুদীর্ঘ ২৩ বছৰৰ পাছত এই প্রতিযোগিতা ভাৰতত অনুষ্ঠিত হ’ব। প্রতিযোগিতাত ৮২ খন দেশৰ ২০৬ গৰাকী ডবা খেলুৱৈয়ে অংশগ্রহণ কৰিব। প্রতিযোগিতাৰ বিজয়ীক ২ মিলিয়ন ডলাৰৰ আৰ্থিক পুৰস্কাৰ প্ৰদান কৰা হ’ব। বিশ্বৰ জনপ্রিয় ডবা খেলুৱৈ গুকেশ ডি, অর্জুন এৰিগেইছি, অনিছ গিৰী, রেছলে’ ছ’, ভিনচেণ্ট কেইমাৰ, হেন্স নিমেন আৰু ফষ্টিনো অৰ’বে প্রতিযোগিতাত ভাগ ল’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।