ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 24, 2025 9:55 AM | IFFI 2025

printer

গোৱাৰ পানাজীত ৫৬ সংখ্যক IFFI-ত আজি নিম’ নৰ্থ-ইষ্ট ফিল্ম এণ্ড ফিল্ম স্কুল বিষয়ক আলোচনা চক্ৰ

গোৱাৰ পানাজীত যোৱা ২০ নৱেম্বৰৰ পৰা অনুষ্ঠিত ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ- IFFI-ত আজি নিম’ নৰ্থ-ইষ্ট ফিল্ম এণ্ড ফিল্ম স্কুল বিষয়ক এখন আলোচনা চক্ৰত অসমৰ ৰীমা বৰা, মহর্ষি তুহিন কাশ্যপৰ লগতে মণিপুৰৰ থাউবা পৱন কুমাৰে অংশ ল’ব। আলোচনাচক্ৰখন সঞ্চালনা কৰিব মেঘালয়ৰ চলচ্চিত্ৰ পৰিচালক ডমিনিক চাংমায়ে। সন্ধিয়া পাঁচ বজাত ফ্ৰান্স আৰু স্পেইনৰ যুটীয়া প্ৰযোজনাৰ ছবি চিৰাগ প্ৰদৰ্শিত হ’ব। এই ছবিখনৰ পৰিচালক অলিভাৰ লাক্স। এছিয়াৰ অন্যতম পুৰণি আৰু সন্মানীয় এই চলচ্চিত্ৰ মহোৎসৱত দেশ-বিদেশৰ চলচ্চিত্র নির্মাতা, শিল্পী, কলাকুশলী তথা চলচ্চিত্র প্রেমীসকলৰ উপস্থিতি দেখা গৈছে। এইবাৰৰ মহোৎসৱত জাপানক বিশেষ গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰ হিচাপে মর্যাদা দিয়া হৈছে। তদুপৰি স্পেইন, সহযোগী ৰাষ্ট্ৰ আৰু অষ্ট্ৰেলিয়াক মূল আকর্ষণ হিচাপে ৰখা হৈছে। মহোৎসৱত ৮০ খনতকৈও অধিক দেশৰ অতিথি আৰু চলচ্চিত্র নির্মাতাসকলে অংশগ্রহণ কৰিছে। আঠ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই মহোৎসৱ ২৮ নৱেম্বৰত সামৰণি পৰিব।