গোৱাৰ পানাজীত যোৱা ২০ নৱেম্বৰৰ পৰা অনুষ্ঠিত ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ-IFFI-ত আজি দুখন অসমীয়া চলচ্চিত্ৰ পুনৰ প্ৰদৰ্শন কৰা হয়। কাহিনী চিত্রশাখাত নির্বাচিত শশাংক সমীৰ পৰিচালিত জনপ্রিয় চলচ্চিত্র ভাইমন দা আৰু অ-কাহিনী শাখাত নম্রতা দত্ত পৰিচালিত পত্রলেখা ছবিখন প্ৰদৰ্শন কৰা হয়। এই ছবি দুখন কালিও মহোৎসৱত প্ৰদৰ্শন কৰা হৈছিল। এই ছবি দুখন প্রদর্শন সন্দর্ভত আজি এখন সংবাদমেলত ভাইমন দাৰ পৰিচালক শশাংক সমীৰ, পত্ৰলেখা পৰিচালক নম্রতা দত্ত আৰু চলচ্চিত্র পৰিচালক তথা ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত উৎপল দত্তই চলচ্চিত্ৰ দুখনৰ নিৰ্মাণৰ সম্পৰ্কে অৱগত কৰে। নৱ প্ৰজন্মৰ পৰিচালক শশাংক সমীৰে অসমৰ চলচ্চিত্র জগতৰ এগৰাকী পুৰোধা চলচ্চিত্র নির্মাতা মুনিন বৰুৱাৰ জীৱনৰ ওপৰত ভিত্তি কৰি এই চলচ্চিত্ৰখন নিৰ্মাণৰ বিষয়ে দর্শকক অৱগত কৰে। প্ৰায় ৫ বছৰজোৰা গৱেষণাৰ ফচল হিচাপে ছবিখন নির্মাণ কৰা হৈছিল বুলিও তেওঁ উল্লেখ কৰে। একেদৰে পত্ৰলেখাৰ পৰিচালক তথা লেখক নম্রতা দত্তই সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ গীতৰ আধাৰত ছবিখন নিৰ্মাণৰ বাবে লোৱা পদক্ষেপ সম্পর্কে জানিবলৈ দিয়ে। তেওঁ কয় যে বৰেণ্য শিল্পীগৰাকীৰ গীতটিৰ মাজত থকা অপ্রকাশ্য বেদনা আৰু গভীৰ প্ৰেমক চলচ্চিত্ৰৰ ৰূপ দিয়াৰ বাবে তেওঁ প্ৰয়াস কৰিছে। সংবাদমেলত পত্ৰলেখাৰ সহ প্রযোজক উৎপল দত্তই ছবিখন নিৰ্মাণৰ অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰে। আজি এই মহোৎসৱত কাঁন চলচ্চিত্র মহোৎসৱত পামদিতা’ৰ বঁটা লাভকৰা জাফৰ পানাহী পৰিচালিত ইৰানৰ ছবি ইট রাজ জাষ্ট এন এক্সিডেন্ট ছবিখন আজি সন্ধিয়া পুনৰ প্ৰদৰ্শন কৰা হয়। এইবাৰৰ মহোৎসৱত ৮৪ খন দেশৰ ২৭০ খনৰো অধিক চলচ্চিত্র প্রদর্শন কৰা হ’ব। এইবাৰ মহোৎসৱৰ কেন্দ্ৰীয় ৰাষ্ট্র জাপানৰ ৭ খন ছবি আৰু সহযোগী ৰাষ্ট স্পেইনৰ ৪ খন ছবি এইবাৰ প্ৰদৰ্শন কৰা হৈছে।
এই চলচ্চিত্র মহোৎসৱত দেশ-বিদেশৰ অগণন চলচ্চিত্র নির্মাতা, শিল্পী, কলাকুশলী তথা চলচ্চিত্ৰ প্ৰেমীৰ সমাগম হৈছে। আঠ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই মহোৎসৱ পৰহিলৈ সামৰণি পৰিব।