গোৱাৰ পানাজীত যোৱা ২০ নৱেম্বৰৰ পৰা অনুষ্ঠিত ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-IFFI-ত আজি ববিতা শৰ্মা পৰিচালিত ভূপেনদা আনকাট ছবিখন প্ৰদৰ্শন কৰা হ’ব। চলচ্চিত্ৰ মহোৎসৱৰ কালি তৃতীয় দিনা ইটালিয়ান, বাংলা, অসমীয়া ছবিকে ধৰি বহু প্ৰসিদ্ধ পৰিচালকৰ ছবি প্ৰদৰ্শন কৰা হয়।
এছিয়াৰ অন্যতম পুৰণি আৰু সন্মানীয় এই চলচ্চিত্র মহোৎসৱত দেশ-বিদেশব চলচ্চিত্র নির্মাতা, শিল্পী, কলাকুশলী তথা চলচ্চিত্র প্রেমীসকলৰ আগমন হৈছে। এইবাৰৰ মহোৎসৱক জাপানক বিশেষভাবে গুৰুত্ব দিয়া হৈছে। তদুপৰি স্পেইন, সহযোগী বাষ্ট আৰু অষ্ট্ৰেলিয়াক মূল আকর্ষণ হিচাপে ৰখা হৈছে। এইবাৰৰ মহোৎসৱত দেশ-বিদেশৰ ২৭০ খনতকৈও অধিক চলচ্চিত্র প্রদর্শন কৰা হ’ব। মহোৎসবত ৮০ খনতকৈও অধিক দেশৰ অতিথি আৰু চলচ্চিত্র নির্মাতাসকলে অংশগ্রহণ কৰিছে। আঠ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই মহোৎসব ২৮ নৱেম্বৰত সামৰণি পৰিব।