গোৱাৰ পানাজিত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ৫৬ সংখ্যক সংস্কৰণত কালি দেহাৱসান ঘটা যশস্বী অভিনেতা, প্রযোজক তথা প্রাক্তন সাংসদ ধর্মেন্দ্ৰৰ প্ৰতি চলচ্চিত্র নির্মাতা, প্রযোজক,অভিনেতাঅভিনেত্রী, কলা-কুশলী আৰু আয়োজকসকলে গভীৰ শ্রদ্ধাঞ্জলি নিবেদন কৰে। প্ৰথিতযশা অভিনেতাগৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰি এণ্টাৰটেইনমেণ্ট ছ’চাইটি অৱ গোৱা নামৰ আয়োজক সংস্থাটোৱে কালি নিৰ্ধাৰিত মঞ্চ অনুষ্ঠানসমূহ বাতিল কৰে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা অভিনেতাগৰাকীক ১২ দিন পূৰ্বে চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়াৰ পাছত ৮৯ বছৰ বয়সত কালি মুম্বাইত তেওঁৰ দেহাৱসান ঘটে। ১৯৩৫ চনৰ ৮ ডিচেম্বৰত লুধিয়ানাত জন্মগ্ৰহণ কৰা ধর্মেন্দ্ৰ কৃষাণ দেউলেই পাছলৈ বলিউদত ধর্মেন্দ্ৰ হিচাপে উজলি উঠিছিল। ভাৰতীয় চলচ্চিত্ৰ ইতিহাসৰ সুদৰ্শন, সফল তাৰকা হিচাপে পৰিচিত আৰু বলিউদৰ হি মেন হিচাপে খ্যাত ধর্মেন্দ্রই প্রায় ৬৫ বছৰীয়া অভিনয় জীৱনত কমেও ৩০০ খন চলচ্চিত্ৰত অভিনয় কৰে। ১৯৬০ চনত দিলভি তেৰা হামভি তেৰে শীৰ্ষক চলচ্চিত্ৰৰে হিন্দী চলচ্চিত্ৰ জগতত অভিষেক ঘটা ধর্মেন্দ্রই ভালেমান ছবিত অভিনয় কৰি অনুৰাগীসকলৰ বিপুল প্রশংসা লাভ কৰাৰ পাছত সৰ্বকালৰ জনপ্ৰিয় শ্বোলে ছবিত বিৰুৰ চৰিত্ৰত কৰা অনবদ্য অভিনয়েৰে তেওঁ বিশেষ খ্যাতি আৰু জনপ্ৰিয়তা অর্জন কৰে।
Site Admin | November 25, 2025 6:17 PM | dharmendra tribute
গোৱাৰ পানাজিত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত যশস্বী অভিনেতা ধর্মেন্দ্ৰৰ প্ৰতি গভীৰ শ্রদ্ধাঞ্জলি