ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 15, 2024 11:47 AM | Ranoj Pegu

printer

গোৱালপাৰা মহাবিদ্যালয়ত স্থাপন কৰা এফ এম ৰেডিঅ’ কেন্দ্ৰটো শিক্ষামন্ত্রী ডা০ ৰণোজ পেগুৰ উদ্বোধন

গোৱালপাৰা মহাবিদ্যালয়ত স্থাপন কৰা এফ এম ৰেডিঅ’ কেন্দ্ৰটো কালি শিক্ষামন্ত্রী ডা০ ৰণোজ পেগুৱে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ৰেডিঅ’ কেন্দ্ৰটোৰ উদ্বোধনী সভাখনত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ সুভাষ বর্মনে সভাপতিত্ব কৰে। সভাত মন্ত্রাগৰাকীয়ে মহাবিদ্যালয়ৰ আন্তঃগাঁথনি আৰু ছাফ-চিকুণতা তথা ছাত্ৰ-ছাত্ৰীৰ শৃংখলাবদ্ধতাত সন্তুষ্টি প্রকাশ কৰে। মন্ত্রীগৰাকীয়ে এফ এম ৰেডিঅ’ ৮৯. ৬ কেন্দ্ৰটো উদ্বোধন কৰি এয়া অসমৰ ভিতৰত মহাবিদ্যালয়ৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ বুলি কয়। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ সুভাষ বৰ্মনৰ ব্যতিক্রমী চিন্তাধাৰাৰে অনাতাঁৰ কেন্দ্ৰটো স্থাপন কৰা হয়। অধ্যক্ষগৰাকীয়ে কয় যে, এই অনাতাঁৰ কেন্দ্ৰটোৰ জৰিয়তে শিক্ষা, চিকিৎসা, কৃষিৰ লগতে নিবনুৱাসকলৰ বাবে বিশেষ অনুষ্ঠান পৰিৱেশন কৰা হ’ব। অনাতাঁৰ কেন্দ্ৰটোৱে সাংস্কৃতিক অনুষ্ঠানৰো প্ৰচাৰ চলাব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।