ডাউনলোড
মোবাইল এপ

android apple
signal

গোৱালপাৰা জিলাৰ পাইকান সংৰক্ষিত বনাঞ্চলত চোকা পহৰাৰ ব্যৱস্থা

গোৱালপাৰা জিলাৰ পাইকান সংৰক্ষিত বনাঞ্চলত কালি সংঘৰ্ষ হোৱা স্থানৰ পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণত আছে আৰু আৰক্ষীয়ে অঞ্চলটোত চোকা পহৰাৰ ব্যৱস্থা কৰিছে। অসম আৰক্ষীৰ পশ্চিম অসম সংমণ্ডলৰ উপ মহা পৰিদৰ্শক ডি. বিজয় কুলিগামে অঞ্চলটোত উপস্থিত হৈ আজি পৰিস্থিতি নিৰীক্ষণ কৰে। অঞ্চলটোত আৰক্ষীৰ ৰেপিড এক্সন ফোৰ্ছ মোতায়েন কৰা হৈছে। কালি আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত ১০ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষী সূত্ৰৰ উদ্ধৃতি দি আমাৰ সংবাদদাতাই জনাইছে। ইপিনে, আৰক্ষী, বনৰক্ষী আৰু বনাঞ্চলৰ উচ্ছেদিত লোকৰ মাজত লগা সংঘৰ্ষৰ ঘটনা পৰিকল্পিত বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। এই ঘটনাৰ বাবে বিৰোধী পক্ষৰ লোকে উচতনি দিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয়, যে ঘটনা সংক্ৰান্তত ৰাজ্য চৰকাৰে ইতিমধ্যে গোচৰ ৰুজু কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে লগতে এই ঘটনাৰ আঁৰত কংগ্ৰেছ দলৰ দুগৰাকী নৱ নিৰ্বাচিত জিলা পৰিষদৰ সদস্য জড়িত আছিল বুলি উল্লেখ কৰে। ইপিনে, এই ঘটনাৰ তদন্ত ঘোষণা কৰা হব বুলি ইতিমধ্যে বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ঘোষণা কৰিছে।
অসম আৰক্ষীৰ মহাপৰিদৰ্শক অখিলেশ সিঙেও পাইকানত সংঘটিত হিংসাত্মক ঘটনাৰ সৈতে তৃতীয় শক্তি জড়িত থকা বুলি দাবী কৰিছে। কালি বিয়লি ঘটনাস্থলী পৰিদৰ্শন কৰি শ্ৰী সিঙে সংবাদ মাধ্যমৰ আগত কয়, যে সমগ্র ঘটনাটোত অশুভ শক্তি সোমাই আছে আৰু কাৰোবাৰ উচটনিতহে এই ঘটনা সংঘটিত হৈছে। আৰক্ষীক আক্ৰমণ কৰা ঘটনা কেতিয়াও সহ্য কৰা নহ’ব বুলি উল্লেখ কৰি তেওঁ কয়, যে ইতিমধ্যে কেইবাজনকো চিনাক্ত কৰি আটক কৰা হৈছে আৰু ভিডিঅ’ ফুটেজ চাই আন সকলকো চিনাক্ত কৰা হ’ব। ঘটনা সংক্রান্তত গ্ৰেপ্তাৰ কৰা চাৰিজনৰ তিনিজনে উচ্ছেদিত এলেকাৰ নহয় বুলিও তেওঁ মন্তব্য কৰে।
উল্লেখযোগ্য যে এই ঘটনাত কালি এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন ২৪জন লোক আহত হৈছিল।