প্রশাসনে গোৱালপাৰা জিলাৰ দহিকটা সংৰক্ষিত বনাঞ্চলত আজিৰে পৰা দুদিনীয়াকৈ উচ্ছেদ অভিযান আৰম্ভ কৰিছে। ইয়াৰ জৰিয়তে দহিকটা সংৰক্ষিত বনাঞ্চলৰ ১১৪০ বিঘা ভূমি দখলমুক্ত কৰা হ’ব। গোৱালপাৰাৰ জিলা আয়ুক্ত প্রদীপ টিমুন্ডে কালি প্রকাশ কৰা মতে উচ্ছেদ অভিযানৰ বাবে অবৈধভাবে দখল কৰি থকা ভূ-ভাগক পাঁচটা খণ্ডত ভাগ কৰা হৈছে আৰু ইয়াৰে এটা অংশতহে এতিয়াও একাংশ লোক আছে। তেওঁ কয়, যে প্রশাসনে জনসাধাৰণক আজিৰ ভিতৰত দখল কৰা এলেকা ত্যাগ কৰাৰ সময় বান্ধি দিছে।
উচ্ছেদৰ বিৰুদ্ধে ইতিপূর্বে দাখিল কৰা তিনিখন আবেদন সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া ৰায় অনুসৰি এই অভিযান চলোৱাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। শ্রী টিমুঙে লগতে উচ্ছেদ অভিযান শান্তিপূর্ণভাবে সম্পন্ন হ’ব বুলি আশা প্রকাশ কৰে। জিলাখনৰ দুৱাপাৰা, বেহাৰফুলি, দাৰোগাৰ আলগাকে ধৰি কেইবাটাও অঞ্চলত বসবাস কৰা বহু লোক জলজলি নৈৰ খহনীয়াৰ কবলত পৰি শ্ৰীসূৰ্য্য পাহাৰৰ উত্তৰ পশ্চিম দিশত থকা দহিকটা সংৰক্ষিত বনাঞ্চলৰ ভূমিত যোৱা ২৫-৩০ বছৰে বসবাস কৰি আহিছে। দুবাপাৰা বন উদ্যানৰ পূৱ দিশৰ ভাটিয়াপাৰা গাওঁৰ কিছু অংশৰ লগতে উদ্যানৰ পশ্চিম দিশ আৰু উত্তৰ পশ্চিম দিশৰ কিছু অংশ দহিকটা সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত।
ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰে ৰাজ্যৰ অবৈধভাবে দখল কৰি থকা ভূমিসমূহ দখলমুক্ত কৰাৰ বাবে অভিযান চলাই আহিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে অবৈধভাবে দখল কৰি থকা সকলো ভূমি দখলমুক্ত নকৰালৈকে অভিযান অব্যাহত থাকিব বুলি প্রকাশ কৰিছে। তেওঁ কয়, যে ৰাজ্যত বৰ্তমানলৈকে ২৯ লাখ বিঘা দখলিকৃত ভূমি আছে আৰু যোৱা চাৰি বছৰত ১ লাখ ২৯ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰা হৈছে।