ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা ২৭খন জিলাত একেলগে চলি আছে। গোৱালপাৰাত ১৪খন জিলা পৰিষদৰ বাবে অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনত বিজেপি মিত্রজোঁটে অগ্রগতি লাভ কৰি আছে৷ আজি অনুষ্ঠিত ভোটগণনা প্ৰক্ৰিয়াত বিজেপি মিত্রজোঁটে ৯খন জিলা পৰিষদে অগ্রগতি লাভ কৰিছে। এ আই ইউ ডি এফে তিনিখন আৰু কংগ্ৰেছে এখন আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে এখন জিলা পৰিষদত অগ্ৰগতি লাভ কৰিছে। বজালী জিলাৰ সদৰ পাঠশালাত ৫০খন মেজত ভোটগণনা প্রক্রিয়া চলি আছে। বাতৰি যুগুতোৱা পৰলৈ পাঁচখন জিলা পৰিষদৰ দ্বিতীয় ৰাউণ্ডৰ ভোটগণনা অন্ত পৰিছে। দ্বিতীয় ৰাউণ্ডৰ অন্তত দক্ষিণ বজালী জিলা পৰিষদত বিজেপি প্রার্থীয়ে অগ্রগতি লাভ কৰিছে। মধ্য বজালী জিলা পৰিষদত নিৰ্দলীয় প্রার্থী, উত্তৰ বজালী পৰিষদত বিজেপি প্রার্থী, পশ্চিম বজালী পৰিষদত অ-গ-প প্ৰাৰ্থী আৰু ভৱানীপুৰ সৰুপেটা জিলা পৰিষদত কংগ্ৰেছ প্ৰাৰ্থীয়ে অগ্রগতি লাভ কৰিছে। ধুবুৰী জিলাতো পুৱাৰে পৰা ভোটগণনা চলি আছে।
কামৰূপ মহানগৰ জিলাৰ ডিমৰীয়া সমজিলাৰ ট্ৰাইছেম হল আৰু জালুকবাৰী সমজিলা আয়ুক্ত কাৰ্যালয়ত ভোটগণনা চলি আছে। এই পর্যন্ত লাভ কৰা তথ্য অনুসৰি ডিমৰীয়া সমজিলাৰ কমাৰকুছি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যপদত বিজেপি প্রার্থীয়ে জয়লাভ কৰিছে। বৰখাট আৰু ডিমৰীয়া জিলা পৰিষদত বিজেপি আৰু সোণাপুৰ জিলা পৰিষদত কংগ্ৰেছ প্রার্থীয়ে আগবাঢ়ি আছে।