দক্ষতা বিকাশ আৰু উদ্যমিতা দপ্তৰৰ স্বতন্ত্র ৰাজ্য মন্ত্রী জয়ন্ত চৌধাৰীয়ে কালি গোৱালপাৰা জিলাত উপস্থিত হৈ অভিলাষী জিলাখনৰ উন্নয়নমূলক কাম-কাজৰ বুজ লয়। তেওঁ জিলা আয়ুক্তৰ কাৰ্যালয়ত আয়োজিত এখন পর্যালোচনা বৈঠকত জিলাখনৰ চৰকাৰী বিভাগসমূহৰ উন্নয়নমূলক কামৰ খতিয়ান লয়। মন্ত্ৰীগৰাকীয়ে গোৱালপাৰাৰ বাপুজী নগৰত থকা আবু আল মজিদ নামৰ লোকজনৰ ছয়াবিনৰ পৰা উৎপাদিত দুগ্ধজাতীয় খাদ্য সামগ্রীসমূহ প্রত্যক্ষ কৰাৰ লগতে উন্নত জাতৰ ছাগলী আৰু কুকুৰাৰ পামো পৰিদৰ্শন কৰে। এনেধৰণৰ কাম-কাজে জিলাখনৰ উন্নয়নত অৰিহণা যোগাব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। কেন্দ্রীয় মন্ত্রী চৌধাৰীয়ে কালি গুৱাহাটী বিশ্ববিদ্যালয়ত উত্তৰ-পূব আঞ্চলিক ভাৰতীয় দক্ষতা প্রতিযোগিতা ২০২৫-২৬ উদ্বোধন কৰে। এই প্রতিযোগিতাৰ জৰিয়তে দেশৰ দক্ষতা বিকাশৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ স্থিতি শক্তিশালী কৰাৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰ যুৱক-যুৱতীসকলক একত্রিত কৰা হৈছে। তেওঁলোকে ২৬টা বিভাগৰ দক্ষতা প্রতিযোগিতাত অবতীর্ণ হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্রেক্ষাগৃহত এই প্রতিযোগিতা অনুষ্ঠিত হৈছে। অনুষ্ঠানত দিয়া ভাষণত কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নত যুৱক যুৱতীসকলৰ দক্ষতা বিকাশৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰা হয়।
Site Admin | January 20, 2026 11:46 AM | Jayant Choudhary in Goalpara
গোৱালপাৰাত দক্ষতা বিকাশ আৰু উদ্যমিতা দপ্তৰৰ স্বতন্ত্র ৰাজ্য মন্ত্রী জয়ন্ত চৌধাৰী