গোৱাত কালিৰেপৰা ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ- IFFI-অনুষ্ঠিত হৈছে। আজি দুখন চলচ্চিত্ৰৰ প্ৰদৰ্শনেৰে ভাৰতীয় পেনোৰামা আৰম্ভ হ’ব। ৰাজকুমাৰ পেৰিয়াস্বামী পৰিচালিত তামিল ভাষাৰ ‘অমৰনৰ’ প্ৰদৰ্শনীৰে কাহিনীচিত্র শিতান উদ্বোধন কৰা হ’ব। একেদৰে কমলেশ কে মিশ্ৰৰ কাকৰিৰে অকাহিনীচিত্ৰৰ শিতান মুকলি কৰা হ’ব।এছিয়াৰ অন্যতম পুৰণি আৰু সন্মানীয় এই চলচ্চিত্র মহোৎসৱত দেশ-বিদেশৰ চলচ্চিত্র নির্মাতা, শিল্পী, কলাকুশলী তথা চলচ্চিত্র প্রেমীসকলৰ আগমন হৈছে। এইবাৰৰ মহোৎসৱত দেশ-বিদেশৰ ২৭০ খনতকৈও অধিক চলচ্চিত্র প্রদর্শন কৰা হ’ব। মহোৎসৱত ৮০ খনতকৈও অধিক দেশৰ অতিথি আৰু চলচ্চিত্র নির্মাতাসকলে অংশগ্রহণ কৰিছে। আঠ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই মহোৎসৱ ২৮ নৱেম্বৰত সামৰণি পৰিব।
Site Admin | November 21, 2025 11:21 AM | IFFI Start
গোৱাত ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ আৰম্ভ