মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি গোলাঘাট জিলা ক্রীড়া সন্থাৰ নৱনিৰ্মিত ইনড’ৰ ষ্টেডিয়াম উদ্বোধন কৰে। অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগে নগৰীয়া আন্তঃগাঁথনি উন্নয়ন পুঁজি আঁচনিৰ অধীনত ৭ কোটি ৯৪ লাখ টকা ব্যয় সাপেক্ষে এই ষ্টেডিয়ামটো নিৰ্মাণ কৰি উলিয়াইছে। ৬খন টেবুল টেনিছ ব’ৰ্ড আৰু ৫খন বেডমিণ্টন ক’ৰ্ট সংযুক্তকৰণেৰে নিৰ্মাণ কৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এই ষ্টেডিয়ামৰ নৱসংযোজনে গোলাঘাট জিলা ক্রীড়া ক্ষেত্ৰক নতুন ৰূপ দিব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্রী শর্মাই আজি গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত ক্ৰীড়া প্রকল্পও মুকলি কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত বিদ্যালয়খনৰ প্ৰতিষ্ঠাকালৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিলৈ শ্ৰদ্ধা জনোৱাৰ উপৰি ছাত্ৰ-ছাত্ৰীসকলক ক্রীড়া ক্ষেত্ৰৰ প্ৰতি আগ্ৰহী হ’বলৈ উৎসাহিত কৰে। অসমৰ থলুৱা খেলসমূহৰ সংৰক্ষণৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰি ড০ শৰ্মাই কয়, যে এই ক্রীড়া প্ৰকল্পৰ অংশ হিচাপে নিৰ্মাণ কৰা ক্রীড়া সংগ্ৰহালয়ত ৰাজ্যখনৰ প্ৰায় প্ৰতিগৰাকী বিশিষ্ট ক্রীড়াবিদৰ সফলতাসমূহ প্ৰদৰ্শনৰ লগতে পৰম্পৰাগত খেলসমূহৰ সংৰক্ষণৰো ব্যৱস্থা কৰা হৈছে।
মুখ্যমন্ত্রী শৰ্মাই আজি জিলাখনত এটা খোৱাপানী যোগান প্ৰকল্পৰ আধাৰশিলা স্থাপন কাৰ্যসূচীতো ভাগ লয়। ধনশিৰি নৈৰ পানীৰে গোলাঘাট জিলাৰ ৫৫ হাজাৰ লোকক ২৪ ঘণ্টাই খোৱাপানী যোগানৰ বাবে ১৩০ কোটি টকা ব্যয় সাপেক্ষে এই প্রকল্প নিৰ্মাণ কৰা হ’ব।
মুখ্যমন্ত্ৰীগৰাকীয়ে আজি ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰ নৱনিৰ্মিত নাটঘৰো উদ্বোধন কৰে। তেওঁ ইয়াৰ পূৰ্বে পুৱাৰ ভাগত দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমীৰ নৱনিৰ্মিত চৌহদত গছপুলি ৰোপণ কৰে।