ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

গোলাঘাট জিলাৰ মেৰাপানীত শুশ্রুষা সেতু শীর্ষক স্বাস্থ্য শিবিৰৰ আয়োজন

গোলাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত মেৰাপানী দৈয়াং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসম চৰকাৰৰ স্বাস্থ্য বিভাগে ৰাজ্যজুৰি আৰম্ভ কৰা শুশ্রুষা সেতু শীর্ষক স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। এই শিবিৰত বিশেষজ্ঞ চিকিৎকৰ দ্বাৰা ১৮ বছৰৰ তলৰ প্ৰত্যেক শিশু তথা কিশোৰ-কিশোৰীৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হৈছে। বিত্ত মন্ত্রী অজন্তা নেওগে আজি পুৱা এই স্বাস্থ্য শিবিৰৰ শুভাৰম্ভণি কৰে। কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্রসাদ তাছাই এই শিবিৰত অংশগ্ৰহণ কৰি ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ৰাজ্যজুৰি গ্ৰহণ কৰা এই আঁচনিখনৰ কথা ৰাইজক অৱগত কৰে আৰু ইয়াৰ সুবিধা গ্ৰহণৰ বাবে আহ্বান জনায়।

শোণিতপুৰ জিলাৰ ন-দুৱাৰ সমষ্টিৰ জামুগুৰিহাটৰ পকামূৰা পথাৰত আজি স্বাস্থ্য মেলা অনুষ্ঠিত হয়। ৫০ গৰাকী বিশেষজ্ঞ চিকিৎসকে চিকিৎসা আগবঢ়োৱা এই মেলাত ১৮ বছৰ তলৰ ল’ৰা-ছোৱালীৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে বিনামূলীয়াকৈ ঔধষ প্ৰদান কৰা হয়। সমষ্টিটোৰ ১০ হাজাৰৰো অধিক লোকে এই মেলাত স্বাস্থ্য পৰীক্ষা কৰে। স্বাস্থ্য পৰীক্ষা কৰি জটিল ৰোগত আক্রান্ত বুলি নিশ্চিত হোৱাসকলক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।