গোলাঘাট জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ ১২ নম্বৰ ক’লাজান গাঁৱৰ এজন লোকৰ বাসগৃহত কালি মেৰাপানী আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ মাদক দ্ৰব্যৰ লগতে নগদ ধন জব্দ কৰে। আৰক্ষীয়ে অঞ্চলটোৰ এগৰাকী মহিলাৰ গৃহত চলোৱা অভিযানত বৃহৎ পৰিমাণৰ হেৰইনৰ লগতে চাৰে ৫ লাখ টকাৰো অধিক নগদ ধন জব্দ কৰাৰ উপৰি তিনিজন লোকক গ্ৰেপ্তাৰ কৰে। লোক কেইজনৰ জিম্মাৰ পৰা নিচাযুক্ত টেবলেট, ৬ গ্রাম হেৰ’ইন আৰু ৯টা ম’বাইল হেণ্ডছেট জব্দ কৰা হয়।
একেদৰে ডিব্ৰুগড় জিলাৰ টিংখাং থানাৰ অন্তৰ্গত মাহমৰা থুলাইচুক গাঁৱৰ পৰা টিংখাং আৰক্ষীয়ে মাদকদ্রব্যসহ এজন লোকক গ্ৰেপ্তাৰ কৰে। লোকজনৰ বাসগৃহৰ পৰা আৰক্ষীয়ে নিচাযুক্ত দ্ৰব্যৰ লগতে এখন চাৰিচকীয়া বাহনো জব্দ কৰে।
Site Admin | February 16, 2025 12:21 PM | Golaghat District
গোলাঘাট জিলাৰ অসম-নাগালেণ্ড সীমান্তত অসম আৰক্ষীৰ বুজন পৰিমাণৰ মাদক দ্ৰব্যৰ লগতে নগদ ধন জব্দ