ডাউনলোড
মোবাইল এপ

android apple
signal

July 13, 2025 7:58 PM | CM flood

printer

গোলাঘাটৰ সৰুপথাৰত বান পৰিস্থিতিৰ বুজ ল’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্য চৰকাৰে বানপীড়িত ৰাইজক পাৰ্যমানে সকলো ধৰণৰ সহায় কৰিব বুলি আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। তেওঁ গোলাঘাট জিলাৰ সৰুপথাৰত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লৈ এই কথা প্ৰকাশ কৰে। তেওঁ শিমলুচাপৰি প্ৰাথমিক বিদ্যালয়ত থকা আশ্রয় শিবিৰ পৰিদৰ্শন কৰি শিশুসকলৰ সৈতে কিছু সময় পাৰ কৰে। তেওঁ বৰপথাৰৰ মিঠা আম চাপৰি, শিমলুচাপৰি পৰিদৰ্শন কৰি নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ বান সাহায্য শিবিৰত থকা বানপীড়িত ৰাইজৰ খবৰ লয়। মুখ্যমন্ত্রী ড০ শর্মাই বানপীড়িত লোকসকলক সকলো ধৰণৰ সাহায্য প্ৰদান কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে।
উল্লেখযোগ্য যে নাগালেণ্ডত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত গোলাঘাট জিলাৰ ধনশিৰি নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত জিলাখনৰ ৫টা ৰাজহ চক্ৰৰ বিস্তীর্ণ অঞ্চল কেইবাদিনো ধৰি বানৰ কবলত আছে। জিলাখনৰ বিভিন্ন স্থানত মুঠ ৩৩টা সাহায্য শিবিৰ মুকলি কৰি জিলা প্ৰশাসনে বানপীড়িত লোকসকললৈ সহায়ৰ হাত আগবঢ়াইছে। মৰঙি ৰাজহ চক্ৰৰ অধীনৰ মুঠ ২৪ খন গাঁৱৰ প্ৰায় ছহেজাৰ লোক বানৰ কবলত পৰিছে । বোকাখাট ৰাজহ চক্ৰৰ মুঠ ৯ খন গাঁৱৰ ৮ সহস্ৰাধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে। একেদৰে খুমটাই ৰাজহ চক্ৰৰ অধীনৰ ৩০ খন গাঁও আৰু গোলাঘাট ৰাজহ চক্ৰৰ মুঠ ২৩ খন গাঁৱৰ প্ৰায় দুহেজাৰ লোক এই বানৰ কবলত পৰিছে।

অধিক পঢ়ক

সকলো চাওক