● ৰাছিয়াক ভাৰতৰ বিশেষ আৰু কৌশলগত অংশীদাৰ বুলি অভিহিত কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে গোলকীয় অনিশ্চয়তাৰ মাজতো ভাৰত-ৰাছিয়াৰ সম্পৰ্ক গভীৰ হৈয়েই আছে। নতুন দিল্লীত ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী আন্দ্ৰেই বেলুছ’ভৰ সৈতে সামৰিক আৰু সামৰিক কাৰিকৰী সহযোগিতাৰ ২২ সংখ্যক ভাৰত-ৰাছিয়া আন্তঃচৰকাৰী আয়োগৰ মন্ত্ৰী বৈঠকৰ সহ-অধ্যক্ষতা কৰাৰ সময়ত তেওঁ এইদৰে কয়। শ্রীসিঙে কয় যে ২০০০ চনত ভাৰত-ৰাছিয়া কৌশলগত অংশীদাৰিত্ব ঘোষণা পত্ৰ স্বাক্ষৰিত হোৱাৰ পিছৰে পৰা দুয়োখন ৰাষ্ট্ৰৰ মাজত দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতা যথেষ্ট বৃদ্ধি পাইছে।
চলিত বৰ্ষৰ জুন মাহত চীনত অনুষ্ঠিত হোৱা চাংহাই সহযোগিতা সংস্থা সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ মাজত হোৱা বিস্তৃত আদান-প্ৰদানৰ কথা স্মৰণ কৰি শ্রীসিঙে কয়, যে দুয়োজন নেতাই নিয়মীয়াকৈ আলোচনা অব্যাহত ৰাখিছে। ৰাজ নাথ সিঙে আৰু কয়, যে অৰ্থনৈতিক দিশৰ পৰা দেশখনে যোৱা মাহত মস্কোত অনুষ্ঠিত হোৱা বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতাৰ ওপৰত ভাৰত- ৰাছিয়া ৱৰ্কিং গ্রুপৰ ২৬ সংখ্যক বৈঠকৰ সফল আয়োজনক আদৰণি জনাইছে। তেওঁ লগতে কয় যে ৰাছিয়া নেতৃত্বাধীন ইউৰেছিয়ান ইকনমিক ইউনিয়নৰ সৈতে মুক্ত বাণিজ্য চুক্তি (এফ টি এ)ৰ আলোচনা আৰম্ভ হোৱাক ভাৰতে আদৰণি জনাইছে।
ইফালে, ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী আন্দ্ৰেই বেলুছ’ভে কয়, যে দুয়োখন দেশে অতি গভীৰ পৰম্পৰাৰে বান্ধ খাই আছে। তেওঁ কয়, যে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ কৌশলগত অংশীদাৰিত্ব আছে আৰু ভাৰতৰ সৈতে এই অংশীদাৰিত্ব দক্ষিণ এছিয়া অঞ্চলৰ ভাৰসাম্য আৰু বিশ্ব নিৰাপত্তাৰ বাবে এক মূল কাৰক।
এই উপলক্ষে প্ৰতিৰক্ষা বাহিনীসমূহৰ মুৰব্বী জেনেৰেল অনিল চৌহান, সেনা প্রধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদী, বায়ুসেনাৰ মুখ্য এয়াৰ মাৰ্শ্বাল অমনপ্রীত সিং আৰু নৌসেনাৰ মুখ্য ভাইচ এডমিৰেল দিনেশ ত্রিপাঠীও উপস্থিত থাকে।