● কৃষ্ণা-গোদাবৰী অৱবাহিকাৰ অন্ধ্ৰপ্ৰদেশৰ ড° বি আৰ আম্বেদকাৰ ক’নাচিমা জিলাৰ ইৰুছুমন্দা গাঁৱৰ অ’ এন জি চি ম’ৰি-৫ নম্বৰ খাদত আজি গেছ নিৰ্গমনৰ ঘটনা পোহৰলৈ আহিছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে ঘটনাৰ সবিশেষ বুজ লোৱাৰ লগতে মন্ত্ৰী কে আছান্নাইডু আৰু বি সুভাষ তথা জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে গাঁৱবাসীৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়াৰ লগতে অবাঞ্চিত পৰিস্থিতিৰ পৰা ৰক্ষা পোৱাৰ উদ্দেশ্যে জনসাধাৰণক সুৰক্ষিত স্থানলৈ লৈ যোৱাৰ ব্যৱস্থা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে যথাশীঘ্ৰে অগ্নি নির্বাপনৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকললৈ আহ্বান জনায়।
Site Admin | January 6, 2026 1:59 AM | Akashvani | Akashvani News
গেছ নিৰ্গমনৰ ঘটনা