ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 30, 2024 11:17 AM | Congress Arrest

printer

গৃহ মন্ত্ৰী অমিত শ্বাহৰ ভুৱা ভিডিঅ’ সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ অভিযোগত কংগ্ৰেছৰ সদস্য গ্ৰেপ্তাৰ

বিজেপি নেতা তথা কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ এটা ভুৱা ভিডিঅ’ সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ লগতে বিতর্কিত মন্তব্য কৰাৰ অভিযোগত গুৱাহাটী মহানগৰ আৰক্ষীয়ে কালি কংগ্ৰেছৰ সদস্য ৰীতম সিঙক গ্রেপ্তাৰ কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এইকথা প্ৰকাশ কৰিছে। অসম আৰক্ষীয়ে প্ৰকাশ কৰা মতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ ‘ৱাৰ ৰূম’ৰ অন্যতম সমন্বয়ক ৰীতম সিঙক পাণবজাৰ থানাত ৰুজু হোৱা কেইবাটাও গোচৰৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁৰ পৰা দুটা ম’বাইল ফোন আৰু এটা লেপটপ আৰক্ষীয়ে জব্দ কৰিছে। বিজেপিয়ে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে থকা সংৰক্ষণ প্ৰত্যাহাৰ কৰিব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কোৱা এটা ভুৱা ভিডিঅ’ শেহতীয়াকৈ সামাজিক মাধ্যমত প্ৰচাৰ হৈছে। এই ভিডিঅ’টো সন্দৰ্ভত শ্ৰী শ্বাহ আৰু বিজেপিয়ে দিয়া অভিযোগৰ ভিত্তিত দিল্লীকে ধৰি দেশৰ একাধিক স্থানত কেইবাটাও গোচৰ ৰুজু কৰা হৈছে। ইপিনে, একেটা অভিযোগতে তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীলৈও দিল্লী আৰক্ষীয়ে চমন জাৰি কৰিছে। আৰক্ষীয়ে তেওঁক কাইলৈ দিল্লী আৰক্ষীৰ চাইবাৰ কোষৰ ওচৰত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।