গৃহমন্ত্ৰী অমিত শ্বাহৰ জন্মদিন উপলক্ষে প্রধানমন্ত্ৰী মোদী আৰু বিদেশ মন্ত্রী জয়শংকৰৰ শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিদেশ মন্ত্রী এছ জয়শংকৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ জন্মদিন উপলক্ষে বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যম যোগে দিয়া এটা বাৰ্তাত কৈছে যে, কঠোৰ পৰিশ্ৰমী নেতাৰূপে পৰিচিত শ্ৰী শ্বাহে দলৰ ভেটি শক্তাশালী কৰাৰ বাবে নিজৰ জীৱন উচৰ্গা কৰিছে। তেওঁ লগতে কয় যে, নেতাগৰাকীয়ে অসাধাৰণ প্ৰশাসক হিচাপে পৰিচয় গঢ়ি তুলিছে আৰু বিকশিত ভাৰতৰ পৰিকল্পনা বাস্তবায়িত কৰাৰ বাবে ভালেমান প্রচেষ্টা গ্রহণ কৰিছে। বিদেশ মন্ত্রী এছ জয় শংকৰে সামাজিক মাধ্যমযোগে গৃহমন্ত্ৰীগৰাকীলৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰি কয় যে, দেশৰ সুৰক্ষা, উন্নয়ন আৰু সৱলীকৰণৰ ক্ষেত্ৰত নেতাগৰাকীৰ ভূমিকা সঁচাকৈ অতুলনীয়। তেওঁ লগতে গৃহমন্ত্ৰীগৰাকীৰ সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱন কামনা কৰে। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্রী ড০ মনসুখ মন্দাভিয়াও শ্ৰী শ্বাহলৈ জন্মদিৰ শুভেচ্ছা জ্ঞাপন কৰিছে। ড০ মন্দাভিয়াই কৈছে যে, শ্ৰী শ্বাহ এগৰাকী দক্ষ সংগঠক আৰু এগৰাকী শক্তিশালী নেতা। শ্ৰী শ্বাহে অভ্যন্তৰীণ সুৰক্ষা আৰু সমৃদ্ধি সুনিশ্চিত কৰি দেশক প্ৰগতিৰ পথত আগুৱাই নিছে বুলি তেওঁ উল্লেখ কৰে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে গৃহমন্ত্ৰীগৰাকীলৈ শুভেচ্ছা জ্ঞাপন কৰি কয় যে, ভাৰতবৰ্ষক প্ৰগতিৰ পথত আগুৱাই নিয়াৰ লগতে দেশৰ অভ্যন্তৰীণ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে শ্ৰী শ্বাহে গ্ৰহণ কৰা সিদ্ধান্তসমূহ সঁচাকৈ অনন্য। সমাজৰ সকলো শ্ৰেণীৰ কল্যাণ আৰু উন্নয়নৰ প্ৰতি শ্ৰী শ্বাহৰ প্ৰতিশ্ৰুতিবদ্ধতা নিদৰ্শনীয় বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।