গৃহমন্ত্রী অমিত শ্বাহৰ অধ্যক্ষতাত উত্তৰ মাণ্ডলিক পৰিষদৰ বৈঠক

হাৰিয়ানাৰ ফৰিদাবাদত আজি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ অধ্যক্ষতাত উত্তৰ মাণ্ডলিক পৰিষদৰ এখন বৈঠক অনুষ্ঠিত হয়। উল্লেখযোগ্য যে হাৰিয়ানা, হিমাচল প্ৰদেশ, পাঞ্জাব, ৰাজস্থান, দিল্লী, জম্মু আৰু কাশ্মীৰ, লাডাখ আৰু চণ্ডীগড়ক লৈ উত্তৰ মাণ্ডলিক পৰিষদ গঠিত।

ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা, পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱত মন, হাৰিয়ানাৰ মুখ্যমন্ত্রী নয়ব সিং সৈনী, হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখু, জম্মু আৰু কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিন্হা, দিল্লীৰ উপ-ৰাজ্যপাল বিনয় কুমাৰ চাক্সেনা, জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা আৰু কেইবাগৰাকীও জ্যেষ্ঠ বিষয়াই এই বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত দিল্লীৰ লালকিল্লাৰ সমীপত হোৱা বিস্ফোৰণৰ ঘটনাত নিহতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাবে এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয় ৷ এই বৈঠকত ৰাজ্য চৰকাৰসমূহ, পানীৰ ভাগ বাটোৱাৰা সম্পৰ্কীয় সমস্যা আৰু উন্নয়নমূলক কাম-কাজ সন্দৰ্ভত আলোচনা কৰা হয়৷

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “টীম ভাৰত’ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি মাণ্ডলিক পৰিষদসমূহে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰে। শক্তিশালী ৰাজ্যসমূহে সমন্বয়েৰে শক্তিশালী দেশ গঢ়ি তুলিব পাৰে – এই আদৰ্শ আগত ৰাখি মাণ্ডলিক পৰিষদসমূহে কেন্দ্ৰ অথবা দুখন বা ততোধিক ৰাজ্যক প্ৰভাৱিত কৰিব পৰা বিষয় সন্দৰ্ভত আলোচনাৰ বাবে এটা সংগঠিত প্ৰণালী গঠন কৰে। মাণ্ডলিক পৰিষদসমূহৰ ভূমিকা উপদেষ্টামূলক যদিও বিগত কেইবছৰমানত এই পৰিষদসমূহে বিভিন্ন ক্ষেত্ৰত উমৈহতীয়া বুজাবুজি আৰু সহযোগিতা সৃষ্টিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান যোগাই আহিছে। মহিলা আৰু শিশুৰ বিৰুদ্ধে যৌন অপৰাধৰ গোচৰৰ ক্ষিপ্ৰ তদন্ত আৰু ইয়াৰ দ্ৰুত নিষ্পত্তিৰ বাবে ফাষ্টট্ৰেক বিশেষ আদালত ৰূপায়ণকে ধৰি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰতো মাণ্ডিলক পৰিষদসমূহে বিশষভাৱে আলোচনা কৰে। বিগত ১১ বছৰত বিভিন্ন মাণ্ডলিক পৰিষদ আৰু এইসমূহৰ স্থায়ী সমিতিৰ ৬৩ খন বৈঠক আয়োজিত হৈছে।