ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

গৃহমন্ত্রীক সাক্ষাৎ কৰি অসমৰ উন্নয়ন আৰু বিকাশকেন্দ্ৰিক বিভিন্ন বিষয়ত মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰি অসমৰ উন্নয়ন আৰু বিকাশকেন্দ্ৰিক বিভিন্ন বিষয়লৈ আলোচনা কৰে।

 

মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ শেহতীয়া পঞ্চায়ত নিৰ্বাচনত বিজেপি মিত্রজোঁটে লাভ কৰা অভূতপূর্ণ সফলতাৰ বিষয়ে গৃহমন্ত্ৰীগৰাকীক অৱগত কৰে। ড০ শৰ্মাই মাওবাদী নিৰ্মূলৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপ তথা এইক্ষেত্ৰত লাভ কৰা বৃহৎ সফলতাৰ বাবে শ্রীশ্বাহক অভিনন্দন জনায় ৷

মুখ্যমন্ত্ৰী শৰ্মাই ইয়াৰ পাছত কেন্দ্ৰীয় ৰাসায়নিক আৰু সাৰ মন্ত্ৰী জে পি নাড্ডাক সাক্ষাৎ কৰি নামৰূপৰ ব্রাউন ফিল্ড এম’নিয়া ইউৰিয়া পৰিসৰৰ বাবে তৃণমূল পৰ্যায়ৰ কাম ত্বৰান্বিত কৰিবলৈ অনুৰোধ জনায়। উল্লেখযোগ্য যে চলিত বৰ্ষতে প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় মন্ত্রীসভাই নামৰূপ সাৰ কাৰখানাৰ নতুন গোট স্থাপনৰ বাবে ১০ হাজাৰ ৬০১ কোটি ৪০ লাখ টকাত অনুমোদন জনাইছিল।

মুখ্যমন্ত্রী ড০ শর্মাই এই আলোচনাকালত ৰাজ্যৰ চিকিৎসা শিক্ষা সুবিধা বৃদ্ধি আৰু নতুন নাৰ্ছিং মহাবিদ্যালয় স্থাপনৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতা কামনা কৰে। তেওঁ লগতে আয়ুষ্মান ভাৰত আৰু প্ৰধানমন্ত্রী জন আৰোগ্য যোজনাৰ জৰিয়তে হিতাধিকাৰীসকলৰ সর্বাধিক লাভালাভ নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আহ্বান জনায়।