January 1, 2026 8:00 PM | CM on Rail Related

printer

গুৱাহাটী ৰে’ল ষ্টেচনৰ সম্প্ৰসাৰণৰ বাবে ভূমি সন্দৰ্ভত ৰে’ল বিভাগৰ সৈতে আলোচনা কৰিব অসম চৰকাৰে

অসম চৰকাৰে নিউ গুৱাহাটীৰ ভাৰতীয় খাদ্য নিগমৰ গুদামৰূপে ব্যৱহৃত ভূমি গুৱাহাটী ৰে’ল ষ্টেচনৰ সম্প্ৰসাৰণৰ বাবে ব্যৱহাৰ কৰা সন্দৰ্ভত ৰে’ল বিভাগৰ সৈতে আলোচনা কৰিব। আজি কইনাধৰাৰ ১ নম্বৰ অতিথিশালাত ৰাজ্যখনৰ জ্যেষ্ঠ সম্পাদকসকলৰ সৈতে হোৱা নতুন দিনৰ আলাপ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰে। আমাৰ বিশেষ সংবাদদাতা ৰাজীৱ লোচন বৰঠাকুৰে গুৱাহাটী ৰে’ল ষ্টেচনত বর্তমান মাত্র ৭খন প্লেটফর্ম থকা হেতুকে গুৱাহাটীৰ পৰা নতুন ৰে’লগাড়ী প্ৰৱৰ্তনত বাধা হোৱাৰ প্ৰসঙ্গ উত্থাপন কৰি সোধা এটা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে গুৱাহাটী ৰে’ল ষ্টেচনৰ সম্প্ৰসাৰণৰ বাবে অসম ৰাজ্যিক পৰিবহন নিগমৰ পল্টন বজাৰৰ ভূমি ৰে’ল বিভাগক আবণ্টন দিয়া হৈছে। তদুপৰি গুৱাহাটী ৰেল ষ্টেচনৰ পার্শ্বৱৰ্তী কামাখ্যা, নাৰেংগী, চাংসাৰি আৰু জাগীৰোড ষ্টেচনৰ পৰা অতিৰিক্ত ৰে’লগাড়ী চলাচলৰ জৰিয়তে গুৱাহাটী ষ্টেচনৰ প্লেটফৰ্মৰ অসুবিধা আঁতৰ কৰাৰ চেষ্টা কৰা হৈছে। আমাৰ সংবাদদাতাৰ আন এটা প্ৰশ্নৰ উত্তৰত ড০ শৰ্মাই কয় যে গুৱাহাটীৰ ওচৰত ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন ৰে’ল তথা পথ দলং নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। এই দলংখন নিৰ্মাণৰ ক্ষেত্ৰত ভূমি অধিগ্ৰহণৰ কোনো ধৰণৰ সমস্যা হোৱাৰ কথা মুখ্যমন্ত্ৰীয়ে অস্বীকাৰ কৰে ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।