ডাউনলোড
মোবাইল এপ

android apple
signal

গুৱাহাটী মহানগৰ আৰক্ষীৰ উদ্যোগত আমচাঙত মত বিনিময় কার্যসূচী

গুৱাহাটী মহানগৰ আৰক্ষীৰ উদ্যোগত আজি আমচাঙত বাল্য বিবাহ প্ৰতিৰোধ, পকছ’ আইন, শিশু আৰু কিশোৰ অপৰাধ আইন বিষয়ক মত বিনিময় কার্যসূচী অনুষ্ঠিত হয়। আমচাং চাহ বাগিচা আদর্শ হাইস্কুল কৰ্তৃপক্ষৰ সহযোগত অনুষ্ঠিত এই কাৰ্যসূচীত কমেও ৮০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্রহণ কৰে। পাণবজাৰ মহিলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিজয়া দাসে এই অনুষ্ঠানত বাল্য বিবাহৰ ক্ষতিকাৰক দিশ আৰু পকছ’ আইন, শিশু আৰু কিশোৰ অপৰাধ আইন, শিশু শ্রমিক সন্দৰ্ভত আলোকপাত কৰে। এই মত বিনিময় অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলক বিত্তীয় প্ৰতাৰণাৰ অভিযোগ দাখিল কৰাৰ বাবে হেল্পলাইন নম্বৰ ১৯৩০, জৰুৰী সহায়ৰ বাবে ১১২, শিশু শ্রমিক নাইবা শিশু সংক্রান্তীয় বিষয়ত ১০৯৮ আৰু মহিলা সংক্রান্তীয় বিষয়ত ১৮১ নম্বৰত যোগাযোগ কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা হয় ৷

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।