গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত খোৱাপানীৰ সমস্যা

গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত খোৱাপানীৰ সমস্যাই জনসাধাৰণক জুৰুলা কৰিছে। গুৱাহাটী জল ব’ৰ্ডে নতুন অঞ্চলত পানী সংযোগ দিয়া আৰু পানীৰ পাইপলাইন শক্তিশালী কৰিবলৈ যোৱা ১৫ নৱেম্বৰৰ পৰা দুদিনৰ বাবে পানী যোগান বন্ধ কৰিব বুলি ঘোষণা কৰিছিল যদিও এই কাম এতিয়াও সম্পূৰ্ণ নোহোৱাত মহানগৰীৰ বিস্তীর্ণ অঞ্চলত পাইপযোগে পানী যোগান আজিও বন্ধ হৈ আছে। মহানগৰীত পানী যোগান ধৰা লিচুবাগান, অমিয়নগৰ আৰু ৰামছা পাহাৰৰ জলাশয়ৰ পৰা পানী যোগান সম্পূর্ণভাৱে বন্ধ হৈ আছে। মহানগৰীৰ আন দুটা পানী যোগানকাৰী সংস্থা গুৱাহাটী পৌৰ নিগম আৰু নগৰীয়া পানী যোগান ব’ৰ্ডৰ পানীযোগানো অনিময়ীয়া হোৱাত নাগৰিকসকলে খোৱাপানীৰ বাবে ব্যক্তিগত পানী যোগানকাৰীৰ পৰা উচ্চ মূল্যত পানী ক্রয় কৰিবলগীয়া হৈছে।