ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 15, 2024 7:42 PM | Jayanta Malla Baruah

printer

গুৱাহাটী মহানগৰীত সামুদ্রিক বিমানৰ প্ৰদৰ্শনী উৰণ

অসমৰ পৰ্যটন ক্ষেত্ৰলৈ নতুন আশাৰ ৰেঙণি কঢ়িয়াই অসামৰিক বিমান পৰিবহন মন্ত্ৰ্যালয়ৰ উদ্যোগত আজি সামুদ্রিক বিমানৰ এটা প্ৰদৰ্শনী উৰণ গুৱাহাটী মহানগৰীত অনুষ্ঠিত হয়। কানাডাৰ মেছাৰ্ছ ডি হেভিলেণ্ডৰ সহযোগত আয়োজন কৰা সামুদ্রিক বিমানৰ এই উৰণটোত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অংশগ্রহণ কৰে। মন্ত্ৰীগৰাকীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা সামুদ্রিক বিমানখনেৰে উৰা মাৰি মন্ত্ৰীগৰাকীয়ে পাণ্ডু ঘাটত অৱতৰণ কৰে। প্ৰদৰ্শনী উৰণটোৰ সামৰণিত তেওঁ সামুদ্রিক বিমানৰ পৰ্যটন সম্ভাৱনীয়তাৰ বিষয়ে উল্লেখ কৰি সামাজিক মাধ্যমযোগে এই চমকপ্ৰদ অভিজ্ঞতাৰ বিষয়ে অৱগত কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।