ডাউনলোড
মোবাইল এপ

android apple
signal

গুৱাহাটী মহানগৰীত বিয়লিৰ ভাগত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বিভিন্ন অঞ্চল প্লাৱিত

গুৱাহাটী মহানগৰীত আজি বিয়লিৰ ভাগত হোৱা এজাক ধাৰাষাৰ বৰষুণৰ ফলত বিভিন্ন অঞ্চল প্লাৱিত হৈ পৰে। বৰষুণৰ ফলত যোৰাবাট, খানাপাৰা, হাতীগাওঁ, ৰূক্মিনী নগৰ, ভেটাপাৰাকে ধৰি বিভিন্ন অঞ্চল কৃত্রিম বানত বুৰ যায়। ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ঠায়ে ঠায়েও কৃত্রিম বানৰসৃষ্টি হৈছে। মহানগৰীৰ বিভিন্ন অঞ্চলত হোৱা তীব্র যান-জঁটৰ পৰিপ্ৰেক্ষিতত কৰ্মস্থলীৰ পৰা গৃহ অভিমুখী লোকসকলৰ লগতে অন্যান্য পথাচাৰীসকল কেইবাঘণ্টাজুৰি পথ আৱদ্ধ হৈ থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।
ইপিনে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী ২৪ ঘণ্টাত গুৱাহাটী মহানগৰীৰ ঠাইবিশিষে বিজুলী ঢেৰেকনিৰে ধাৰাসাৰ বৰষুণ হ’ব পাৰে বুলি আগলি বতৰা দিছে। এই সময়ছোৱাত ৬ ছেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হ’ব পাৰে।
সম্ভাৱ্য পৰিস্থিতিলৈ চাই ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে গুৱাহাটীৰ জনসাধাৰণক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। দৈনিক অহা-যোৱা কৰা আৰু দূৰণিবটীয়া যাত্ৰীসকলক বৰষুণৰ সময়ছোৱাত অনাৱশ্যকীয় যাত্ৰা এৰাই চলি যাত্ৰাৰ পৰিকল্পনা কৰিবলৈ কোৱা হৈছে। দ’ এলেকা আৰু পাহাৰৰ কাষৰীয়া অঞ্চলত জনসাধাৰণক সম্ভাৱ্য পৰিস্থিতিৰ প্ৰতি সজাগ হৈ থাকিবলৈ সকিয়াই দিয়া হৈছে। জনসাধাৰণক লগতে স্থানীয় কৰ্তৃপক্ষই জাৰি কৰা বতৰ সম্পৰ্কীয় খবৰ আৰু পৰামৰ্শাৱলী অনুসৰণ কৰিবলৈ কোৱা হৈছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জনসাধাৰণক সময়ে সময়ে পৰিস্থিতিৰ বিষয়ে অৱগত কৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।