দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰ্যালয়ে কাইলৈৰ পৰা ২২ জানুৱাৰীলৈ গুৱাহাটী বিশ্ববিদ্যালয়ত উত্তৰ-পূব আঞ্চলিক ভাৰতীয় দক্ষতা প্ৰতিযোগিতা ২০২৫-২৬ শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰিছে। দেশৰ দক্ষতা বিকাশৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ স্থিতি শক্তিশালী লক্ষ্য লোৱা হৈছে। ইয়াৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰ যুৱক-যুৱতীসকলক একত্রিত কৰা হ’ব। তেওঁলোকে ২৬টা বিভাগৰ দক্ষতা প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব। কেন্দ্ৰীয় দক্ষতা বিকাশ আৰু উদ্যমিতা দপ্তৰৰ ৰাজ্যমন্ত্ৰী জয়ন্ত চৌধুৰীয়ে কাইলৈ এই প্রতিযোগিতা উদ্বোধন কৰিব। গুৱাহাটী বিশ্ববিদল্যালয়ৰ বি কে বি প্রেক্ষাগৃহত এই প্রতিযোগিতা অনুষ্ঠিত হ’ব। ইয়াৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলত উদ্যোগৰ ক্ষেত্ৰত উদ্যমিতাৰ বিকাশ, প্রতিযোগিতামূলক মনোভাৱ বৃদ্ধি আৰু ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় মানৰ সৈতে ফেৰ মাৰিব পৰাকৈ যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশৰ প্ৰয়াস কৰা হৈছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যম যোগে বিষয়ে প্ৰকাশ কৰি এই প্ৰতিযোগিতাই দক্ষতা বিকাশৰ জৰিয়তে যুৱ সমাজৰ সম্ভাৱনাক উন্মোচিত কৰাৰ লগতে আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সংকল্পক অধিক শক্তিশালী কৰিব বুলি মত প্ৰকাশ কৰে।
Site Admin | January 18, 2026 7:42 PM | The India Skills 2025-26
গুৱাহাটী বিশ্ববিদ্যালয়ত উত্তৰ-পূব আঞ্চলিক ভাৰতীয় দক্ষতা প্ৰতিযোগিতা ২০২৫-২৬ শীৰ্ষক অনুষ্ঠান