গুৱাহাটী বিশ্ববিদ্যালয়ত কৃত্রিম বুদ্ধিমত্তাৰ প্ৰেক্ষাপটত উত্তৰ পূৰ্বাঞ্চলৰ ভাষা প্ৰযুক্তি বিষয়ক ২ দিনীয়া কৰ্মশালাৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত কৃত্রিম বুদ্ধিমত্তাৰ প্ৰেক্ষাপটত উত্তৰ পূৰ্বাঞ্চলৰ ভাষা প্ৰযুক্তি বিষয়ক দুদিনীয়া কৰ্মশালাৰ আজি অন্ত পৰে। কর্মশালাখনত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ভাষাৰ কৃত্রিম বুদ্ধিমত্তাৰ প্ৰযুক্তিসমূহ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিভংগীৰে ভাৰতীয় ভাষাসমূহক ডিজিটেল বিশ্বত উন্নীতকৰণ আৰু সৱলীকৰণ কৰাৰ ক্ষেত্ৰত পৰ্যালোচনা কৰা হয়। বিশেষকৈ অসমীয়া, বড়ো, নেপালী, মণিপুৰী আৰু ইংৰাজী ভাষাৰ মাজত নিউৰেল মেচিন অনুবাদ আৰু ভাৰতীয় ভাষাত কৃত্রিম বুদ্ধিমত্তাৰ ওপৰত আগতীয়াকৈ কাম কৰাৰ সন্দৰ্ভত অধিক গুৰুত্ব আৰোপ কৰা হয়। কর্মশালাখনত গণনাগত ভাষা বিজ্ঞান আৰু বহুশব্দৰ অভিব্যক্তি আদি সন্দৰ্ভত বিশ্লেষণ আৰু আলোচনা অনুষ্ঠিত হয়। অসমৰ বিশ্ববিদ্যালয়সমূহৰ শিক্ষাৰ্থীসকলৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ শিক্ষা প্ৰতিষ্ঠানৰ গৱেষকসকলে এই কর্মশালাত অংশ লয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।