গুৱাহাটী বিশ্ববিদ্যালয়ৰ নম্বৰ তালিকা জালিয়াতিত জড়িত থকাৰ অভিযোগত শিৱতোষ মাহাতোক আটক

গুৱাহাটী বিশ্ববিদ্যালয়ৰ নম্বৰ তালিকা জালিয়াতিত জড়িত থকাৰ অভিযোগত ধুবুৰী আইন মহাবিদ্যালয়ৰ কম্পিউটাৰ শিক্ষক শিৱতোষ মাহাতোক আটক কৰা হৈছে। ধুবুৰী আৰক্ষীৰ সহযোগত কালি বৰপেটা আৰক্ষীয়ে কম্পিউটাৰ শিক্ষকজনক আটক কৰি নিজৰ জিম্মাত লয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ধনৰ বিনিময়ত নম্বৰ বৃদ্ধি কৰাৰ এই বৃহৎ কেলেংকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছে। আৰক্ষীৰ তদন্তৰ মাজতে গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাই বিশ্ববিদ্যালয়খনৰ পৰাই বৃহৎ ধনৰ বিনিময়ত এই কেলেংকাৰী নিয়ন্ত্ৰণ হৈ থকাৰ অভিযোগ উত্থাপন কৰিছে। অভিযোগ অনুসৰি স্নাতকোত্তৰ ছাত্ৰ সন্থাই দীৰ্ঘদিন ধৰি প্ৰমাণ সহকাৰে বিশ্ববিদ্যালয় কর্তৃপক্ষক এই কেংলেকাৰীৰ তথ্য দি অহাৰ পিছতো কর্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰক্ষী আৰু চি আই ডিৰ তদন্তত এই কেলেংকাৰীত বৰপেটা জিলাৰ কেইবাজনো শিক্ষার্থী জড়িত থকাৰ কথা পোহৰলৈ আহিছে। বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থীৰ পৰীক্ষাৰ নম্বৰ আই অ’ এম এছ নামৰ পুৰণি ব্যৱস্থাটোৰ জৰিয়তে নম্বৰ তালিকাত সন্নিৱিষ্ট কৰা হয়। এই ব্যৱস্থা চলোৱা প্ৰতিষ্ঠানটোৰ সৈতে ২০২২ চনতে বিশ্ববিদ্যালয়খনৰ চুক্তিৰ ম্যাদ অন্ত পৰে যদিও বৰ্তমানলৈকে এই প্রতিষ্ঠানটোৱেই নম্বৰ তালিকাৰ কাম কৰি আছে। ফলত এই ব্যৱস্থাটোত নম্বৰ বৃদ্ধি কৰাৰ বাবে ধনৰ ব্যাপক লেন-দেন হোৱাৰ অভিযোগ উঠিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি বৰপেটাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ নম্বৰ দিয়া কম্পিউটাৰ ব্যৱস্থাত আসোঁৱাহ থকাৰ কথা প্ৰকাশ কৰিছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° প্রতাপ জ্যোতি সন্দিকৈয়ে নম্বৰ তালিকা কেলেংকাৰীৰ তদন্তত বিশ্ববিদ্যালয় কর্তৃপক্ষই সম্পূর্ণ সহযোগ কৰিব বুলি জানিবলৈ দিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।