ডাউনলোড
মোবাইল এপ

android apple
signal

April 30, 2025 8:13 PM | Baar Association

printer

গুৱাহাটী বাৰ এছ’চিয়েচনৰ সদস্য পদৰপৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ

গুৱাহাটী বাৰ এছ’চিয়েচনৰ সদস্য পদৰ পৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিছে। মুখ্যমন্ত্ৰী শৰ্মাই আজি বাৰ এছ’চিয়েচনৰ সভাপতিলৈ তেওঁৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয় উত্তৰ গুৱাহাটীৰ ৰংমহললৈ স্থানান্তৰৰ প্ৰক্ৰিয়াক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কৰ্তৃপক্ষ আৰু ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ সৈতে বাৰ এছ’চিয়েচনৰ মত বিৰোধৰ সৃষ্টি হৈছিল। বাৰ এছ’চিয়েচনৰ সিদ্ধান্তৰ সৈতে একমত হ’ব নোৱাৰা বাবেই মুখ্যমন্ত্ৰী শৰ্মাই এছ’চিয়েচনৰ সদস্য পদ ত্যাগ কৰে। স্বাৰ্থৰ সৈতে সংঘাতৰ বাবে নহয় বৰঞ্চ ন্যায়িক সংস্থা আৰু আইন ব্যৱস্থা তথা নতুন প্ৰজন্মৰ অধিবক্তাসকলৰ ভৱিষ্যতৰ স্বাৰ্থত তেওঁ বাৰ এছ’চিয়েচনৰ পৰা পদত্যাগ কৰা বুলি পত্ৰখনত উল্লেখ কৰিছে। একেখন পত্ৰতে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পূৰ্ণকালীন আদালতৰ বৈঠকৰ অনুমোদন মৰ্মে ৰাজ্য চৰকাৰে প্ৰায় এহেজাৰ কোটি টকা ব্যয় সাপেক্ষে উত্তৰ গুৱাহাটীৰ ৰংমহললৈ গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। বৰ্তমানৰ উচ্চ ন্যায়ালয়ৰ ভৱনটো পূৰ্ণ পৰ্যায়ৰ ন্যায়িক সংগ্ৰহালয় হিচাপে গঢ়ি তোলা হ’ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে একেখন পত্ৰতে উল্লেখ কৰিছে।

অধিক পঢ়ক

সকলো চাওক