গুৱাহাটী মহানগৰৰ বামুণীমৈদাম নিবাসী অৰুণী এছ হাজৰিকাই ইংলেণ্ডৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান অক্সফোর্ড বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত আৰু ধ্ৰুপদী হিন্দী বিষয়ত সুখ্যাতিৰে স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথম অসমীয়া হিচাপে বিৰল কৃতিত্ব অৰ্জন কৰিছে। অৰুণীয়ে বেলিঅল মহাবিদ্যালয়ত এছিয়’ আৰু মধ্যপ্রাচ্য অধ্যয়ন বিভাগত স্নাতক শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ মাজুলীৰ দক্ষিণপাট সত্ৰৰ ১৫ শতিকাৰ সাঁচিপাতৰ পাণ্ডুলিপিৰ বিষয়ত গৱেষণা কৰিছিল। দি আছাম ট্ৰিবিউন কাকতৰ সহকাৰী সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক, লেখক পার্থপ্রতিম হাজৰিকা আৰু কবি সুদক্ষিণা ভূঞাৰ সুযোগ্য সন্তান অৰুণী এছ হাজৰিকাৰ এই সাফল্যই ৰাজ্যখনলৈ গৌৰৱ আৰু সন্মান কঢ়িয়াই আনিছে।
Site Admin | August 10, 2025 8:12 PM | Aruni S Hazarika | Oxford University
গুৱাহাটী বামুণীমৈদামৰ অৰুণী এছ হাজৰিকাৰ অক্সফোর্ড বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত আৰু ধ্ৰুপদী হিন্দী বিষয়ত স্নাতক ডিগ্ৰী লাভ
