গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত আজি প্ৰেছ ক্লাবৰ প্ৰাংগনত প্ৰথমখন মহিলা সাংবাদিক সন্মিলন অনুষ্ঠিত হৈ যায়। বহুসংখ্যক মহিল সাংবাদিকৰ উপস্থিতিত প্ৰেছ ক্লাব অফ ইণ্ডিয়াৰ নৱ-নিৰ্বাচিত সভাপতি সংগীতা বৰুৱা পিছাৰৌটিয়ে এই সন্মিলনখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। উদ্বোধনী ভাষণ প্ৰদান কৰি সভাপতি পিছাৰৌটিয়ে কয়, যে সাংবাদিক হৈছে সাংবাদিকৰ লগত লাগি থকা পেছা। সাংবাদিকৰ প্ৰধান কৰ্তব্য হৈছে ভয় আৰু শংকাবিহীনভাৱে সাধাৰণ মানুহৰ হকে প্ৰশ্নৰ উত্থাপন কৰা।
এই অনুষ্ঠানত বহুকেইজন বিশিষ্ট সাংবাদিক উপস্থিত থাকে। উল্লেখযোগ্য যে, উদ্বোধনী অনুষ্ঠানৰ পাছতে মোৰ জীৱন-মোৰ কাহিনী, মই আৰু মোৰ সাংবাদিকতা আৰু কৰ্মক্ষেত্ৰত মহিলা সাংবাদিকৰ প্ৰত্যাহ্বান আৰু সম্ভাৱনা শীৰ্ষক তিনিখন আলোচনা সত্র অনুষ্ঠিত হয়। এই অনুষ্ঠানত বহুকেইগৰাকী মহিলা সাংবাদিকে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ সুযোগ পায়। আজি অনুষ্ঠিত এই অনুষ্ঠানত অসম চৰকাৰৰ পৰা যুৱ লেখকৰ বঁটাৰে সন্মানিত হোৱা সাংবাদিকসকলক গুৱাহাটী প্ৰেছ ক্লবৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।