গৃহ নিৰ্মাণৰ অনুমতি আৰু ভূমি দখলৰ প্ৰমাণপত্ৰ প্ৰদানৰ বাবে আজি গুৱাহাটী পৌৰ নিগমে এটা শিবিৰ মুকলি কৰে। এখন সংবাদমেলত পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই কয় যে ৩১ ডিচেম্বৰলৈ মুকলি থাকিবলগীয়া এই শিবিৰত ৰাইজে সহজে গৃহ নিৰ্মাণৰ অনুমতি আৰু ভূমি দখলৰ প্ৰমাণপত্ৰ লাভ কৰিব পাৰিব। পুৰ্বে এনে প্ৰমাণপত্ৰ লাভ কৰাৰ ক্ষেত্ৰত পলম হোৱা বুলি উত্থাপিত অভিযোগসমূহৰ ভিত্তিত এনেধৰণে বিশেষ শিবিৰ মুকলি কৰি প্ৰমাণপত্ৰ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। কৰ বৃদ্ধি নকৰাকৈ পৌৰ নিগমে ৰাজহ সংগ্ৰহৰ বাবে গ্ৰহণ কৰা পদক্ষেপ সম্পৰ্কত তেওঁ সংবাদমেলত সদৰি কৰে। তেওঁ কয় যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পৰা পুজি লাভ কৰিবলৈ হলে পৌৰ নিগমে ৰাজহ সংগ্ৰহ বৃদ্ধি কৰিব লাগে। এই অনুসৰি অহা বছৰৰ মাৰ্চৰ ভিতৰত ১২ ৰ পৰা ১৩ শতাংশ ৰাজহ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে বুলি তেওঁ উল্লেখ কৰে। গুৱাহাটী মহানগৰীৰ ম’হৰ প্ৰকোপ হ্ৰাস কৰাৰ বাবে পৌৰ নিগমে ৪০ টা যন্ত্ৰৰে ধোৱা দিয়াৰ ব্যৱস্থা কৰিছে বুলি তেওঁ উল্লেখ কৰে। তদুপৰি নলা নৰ্দমাসমূহত ম’হৰ কণী ধ্বংস কৰাৰ বাবে স্প্রে মেচিনেৰে ঔষধ স্প্রে কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে।
Site Admin | December 3, 2025 8:55 PM | GMC New House
গুৱাহাটী পৌৰ নিগমৰ শিবিৰ মুকলি