গুৱাহাটী নেহৰু ষ্টেডিয়ামত অষ্টম নৰ্থ-ইষ্ট ছিনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ

আছাম ছিনিয়ৰ বেডমিণ্টন ক্লাবৰ উদ্যোগত গুৱাহাটী নেহৰু ষ্টেডিয়ামৰ দেশভক্ত তৰুণৰাম ফকুন ইনডৰ ষ্টেডিয়ামত যোৱা শুকুৰবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত অষ্টম নৰ্থ-ইষ্ট ছিনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ আজি সামৰণি পৰিব। এই প্ৰতিযোগিতাত পুৰুষ ৫৫ বছৰ ডাবলছ শাখাত অসমৰ বিজয় কুমাৰ বৰ্মন আৰু ধ্রুব শৰ্মা বিজয় হৈছে। একেদৰে পুৰুষৰ ৪৫ বছৰ ডাবলছ শাখাত নাগালেণ্ডৰ বেনডাংন’চেত আৰু টাজেনকাৱা আওৱে জয়লাভ কৰিছে। এই শিতানত অসমৰ অজন্তা চৌধুৰী আৰু বিষ্ণু ডেকাই ৰাৰ্ণাছআপৰ সন্মান লাভ কৰিছে। ৪০ বছৰ পুৰুষৰ ডাবলছ শাখাত মিজোৰামৰ লালমুৱানাওমা আৰু লালনিদিকা ৰালটে বিজয় হোৱাৰ বিপৰীতে পুৰুষৰ ৩৫ বছৰ ডাবলছ শাখাতো মিজোৰামৰ লালমুৱানাওমা ছেমুৱেল লালনুনমাউয়াই জয়লাভ কৰিছে। খেলসমূহ এতিয়াও অব্যাহত আছে। উল্লেখযোগ্য যে এই প্রতিযোগিতাত উত্তৰ-পূবৰ লগতে ভূটান, নেপালৰ খেলুৱৈয়ে অংশ লৈছে। সন্ধিয়া ৬ বজাৰ পৰা এই প্রতিযোগিতাৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হৈছে।