ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 26, 2025 12:23 PM | DD News | Drishtipat

printer

গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগৰ কেবাগৰাকীও পূৰ্বৰ বিষয়া কৰ্মচাৰী আৰু বাতৰি পৰিবেশকৰ মনৰ ভাৱ আৰু অভিজ্ঞতাৰে আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠান

১৯৮৫ চনৰ ২৪ মাৰ্চত আৰম্ভণি হোৱা গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগৰ কেবাগৰাকীও পূৰ্বৰ বিষয়া কৰ্মচাৰী আৰু বাতৰি পৰিবেশকৰ মনৰ ভাৱ আৰু অভিজ্ঞতাৰে কালি আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰা হয়। এই অনুষ্ঠানত বাতৰি বিভাগৰ প্ৰাক্তন বিষয়া দেবেন তামুলী, মুকুল তালুকদাৰ আৰু শৈলেন্দ্ৰ দাসে প্ৰত্যাহ্বান নেওচি সীমিত সা-সুবিধাৰ মাজত প্ৰথম অৱস্থাত বাতৰি সম্প্ৰচাৰৰ আৰম্ভণিৰ অভিজ্ঞতাৰ কথা ব্যক্ত কৰে। তালুকদাৰে নিজৰ অভিজ্ঞতা বৰ্ণনা কৰাৰ লগতে গুৱাহাটীৰ দূৰদৰ্শনৰ বাতৰি আৰম্ভ কৰাৰ ক্ষেত্ৰত আকাশবাণী গুৱাহাটীৰ যথেষ্ট অৰিহণা আছে বুলি উল্লেখ কৰে। তেওঁ বৰ্তমান টেলিভিছনৰ বাতৰি পৰিৱেশন ৰীতি সলনি হৈছে বুলি মত প্ৰকাশ কৰে। অনুষ্ঠানত প্ৰাক্তন বাতৰি পৰিবেশিকা আৰতী কলিতাই সংকটপূর্ণ সময়তো ব্যক্তিগত আবেগ অনুভুতিৰ উৰ্ধলৈ লৈ বাতৰি পৰিবেশনৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰে। তদুপৰি বাতৰি পৰিবেশনৰ ক্ষেত্ৰত ভাষা আৰু উচ্ছাৰণৰ গুৰুত্বৰ বিষয়েও প্ৰকাশ কৰে। একেদৰে প্ৰাক্তন বাতৰি পৰিৱেশিকা বিজু ভড়ালীয়ে নিজৰ সোণালী সময়ৰ অভিজ্ঞতা সোঁৱৰণ কৰি এতিয়াও বহু লোকে তেওঁৰ বাতৰি পৰিৱেশন মনত ৰখা কথাটোক লৈ সন্তুষ্টি ব্যক্ত কৰে।
অনুষ্ঠানটোৰ পৰিকল্পনা, প্রযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।