ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ চৌহদত নাৰী দিৱসৰ বিশেষ অনুষ্ঠান

আন্তৰ্জাতিক নাৰী দিৱসৰ প্ৰাকক্ষণত আকাশবাণী আৰু দূৰদৰ্শনৰ অতিৰিক্ত সঞ্চালক প্রধান আশীষ কুমাৰ ভাটনাগৰৰ উদ্যোগত আজি গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ চৌহদত নাৰী দিৱসৰ এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত প্ৰচাৰ ভাৰতীৰ গুৱাহাটীত অৱস্থিত কাৰ্যালয়সমূহৰ সমূহ মহিলা কৰ্মচাৰীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত মহিলা কৰ্মচাৰীসকলে তেওঁলোকৰ পৰম্পৰাগত পোচাক পৰিধান কৰি অংশগ্ৰহণ কৰে। অনুষ্ঠানত ভাষণ দি অতিৰিক্ত সঞ্চালক প্রধান শ্ৰীভাটনাগৰে নাৰীশক্তিক দেশৰ প্ৰগতিৰ অন্যতম চালিকা শক্তি বুলি অভিহিত কৰে।