অহা ২২ নৱেম্বৰৰ পৰা বৰ্ষাপাৰাৰ অসম ক্রিকেট এছোছিয়েছনৰ খেলপথাৰত হ’বলগীয়া গুৱাহাটী টেষ্টৰ বাবে আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ দল দুটা গুৱাহাটীত উপস্থিত হয়। দুয়োটা দলকে বিশেষ ছাৰ্টাৰ্ড বাছেৰে বিমান বন্দৰৰ পৰা হোটেল ৰেডিছন ব্লুলৈ লৈ যোৱা হয়। বিমান বন্দৰ আৰু হোটেলত দল দুটাৰ অগণন অনুৰাগীয়ে তেওঁলোকক হৰ্যোধবনিৰে আদৰণি জনায়। কাইলৈ দুয়োটা দলে বর্ষাপাৰা ষ্টেডিয়ামত অনুশীলন চলাব।
উল্লেখযোগ্য যে দুয়োটা দলৰ মাজৰ চলিত দুখন খেলৰ টেষ্ট শৃংখলাটোত দক্ষিণ আফ্রিকাই কলকাতাত অনুষ্ঠিত প্রথম টেষ্টত জয়লাভ কৰি ১- শূন্যৰ অগ্ৰগতি লাভ কৰি আছে। গুৱাহাটী বর্ষাপাৰা ষ্টেডিয়ামত এয়ে প্রথম টেষ্ট মেচ অনুষ্ঠিত হ’ব। খেলখনৰ বাবে গুৱাহাটী তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ক্ৰিকেট প্ৰেমীৰ মাজত যথেষ্ট উৎসাহৰ সৃষ্টি হৈছে।