ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নৱজাতকৰ বাবে থকা আই চি ইউত বিছনাৰ পৰা পৰি দেওবাৰে এটি নৱজাতকৰ মৃত্যু

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নৱজাতকৰ বাবে থকা আই চি ইউত বিছনাৰ পৰা পৰি কালি এটি নৱজাতকৰ মৃত্যু হোৱাৰ লগতে আন এটি নৱজাতক গুৰুতৰভাৱে আহত হয়। আমাৰ সংবাদদাতাই জনোৱা মতে কালি বিয়লি এটি নৱজাতক বিছনাৰ পৰা পৰি যোৱাৰ লগতে আন এটি ফটো থেৰাপি মেচিনত ওলমি ৰয়। এগৰাকী মহিলাই এই ঘটনা প্রত্যক্ষ কৰি দায়িত্বত থকা চিকিৎসক আৰু নাৰ্ছক খবৰ দিয়াত দুয়োটা নৱজাতককে উদ্ধাৰ কৰা হয় যদিও এটি শিশুৰ মৃত্যু হয়। মৃত শিশুটিৰ যোৱা ১৫ আগষ্টত হাস্পতালখনত জন্ম হৈছিল। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাৰ তদন্তৰ বাবে গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্তক নির্দেশ দিছে। তেওঁ লগতে হাস্পতাল কর্তৃপক্ষক ততালিকে চি চি টিভি ফুটেজ পৰীক্ষা কৰিবলৈ আৰু এখন তদন্ত কমিটি গঠন কৰি ঘটনাৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছে। এই ঘটনাত দোষী সাব্যস্ত লোকক কঠোৰ শাস্তি দিয়া হ’ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।