গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ ২০২৪-২৫ বৰ্ষত ১৬ কোটি ৯০ লাখ কিলোগ্ৰাম চাহ বিক্ৰীৰে অভিলেখ

■ গুৱাহাটী চাহ নিলাম কেন্দ্ৰই ২০২৪-২৫ বৰ্ষৰ ১৬ কোটি ৯০ লাখ কিলোগ্ৰাম চাহ বিক্ৰীৰে অভিলেখ গঢ়িবলৈ সমৰ্থ হৈছে। চাহৰ বিক্ৰীৰ পৰিমাণ বৃদ্ধি হোৱাৰ লগতে চাহ নিলাম কেন্দ্ৰৰ জৰিয়তে বিক্ৰী হোৱা চাহৰ গড় দামো বৃদ্ধি পাইছে। ২০২৪-২৫ বৰ্ষত কেন্দ্ৰটোৰ জৰিয়তে ১৬ কোটি ৯০ লাখ কিলোগ্ৰামৰো অধিক চাহ বিক্ৰী হোৱাৰ বিপৰীতে ২০২৩ বৰ্ষত ১৬ কোটি ৬৩ লাখ কিলোগ্রাম চাহ বিক্ৰী হৈছিল। সদ্যসমাপ্ত বিত্তীয় বৰ্ষত বিক্ৰী হোৱা মুঠ চাহ প্রতি কিলোগ্ৰামত গড়ে ২২৭ টকা ৭০ পইচা দৰত বিক্ৰী কৰা হৈছে। ইয়াৰ আগেয়ে ২০২৩-২৪ বৰ্ষত প্রতি কিলোগ্রাম চাহ ১৮৩ টকা ২০ পইচা দৰতহে বিক্ৰী কৰা হৈছিল। এই অনুসৰি পূৰ্বৰ বছৰৰ তুলনাত কেন্দ্ৰটোৱে প্রতি কিলোগ্রাম চাহত গড়ে ৪৪ টকা ৫০ পইচাকৈ অধিক মূল্য লাভ কৰিছে। সদ্য সমাপ্ত বিত্তীয় বৰ্ষটোত চাহ নিলাম কেন্দ্ৰটোৰ জৰিয়তে মুঠ প্রায় ৩ হাজাৰ ৮৫১ কোটি টকাৰ চাহ বিক্ৰী কৰা হৈছে বুলি কেন্দ্ৰটোৰ বিষয়ববীয়াই প্ৰকাশ কৰিছে। ইপিনে, সুখমল নামৰ ব্ৰেণ্ডৰ চাহ কেন্দ্ৰটোৱে প্ৰতি কিলোগ্রামত সর্বাধিক ৭৫১ টকাকৈ বিক্ৰী কৰে। চাহ নিলাম কেন্দ্ৰটোৱে টি-লাউঞ্চৰ জৰিয়তেও ২০২৪-২৫ বৰ্ষত প্ৰায় এক কোটি টকাৰ ব্যৱসায় কৰিছিল।