গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা আজিৰে পৰা অনিৰ্দিষ্ট কাললৈ বন্ধ

ব্ৰহ্মপুত্ৰৰ জলস্তৰ বিপদ সীমাৰ ওপৰেৰে বৈ থকাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা আজিৰে পৰা অনিৰ্দিষ্ট কাললৈ বন্ধ কৰা হৈছে। আভ্যন্তৰীণ জন পৰিবহণ বিভাগে এটা নির্দেশ যোগে এই কথা প্ৰকাশ কৰিছে। যাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পর্যন্ত এই সেৱা বন্ধ থাকিব। কামৰূপ জিলা প্ৰশাসনে এই সময়ছোৱাত অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ উত্তৰ গুৱাহাটীলৈ চলাচল কৰা হ’ব বুলি প্ৰকাশ কৰিছে।