গুৱাহাটী উচ্চ ন্যায়ালয় উত্তৰ গুৱাহাটীলৈ স্থানান্তৰৰ বিৰুদ্ধে এহেজাৰ ১৬৪ গৰাকী অধিবক্তাই ভোট দিয়ে। ইয়াৰ বিপৰীতে উচ্চ ন্যায়ালয় স্থানান্তৰৰ চৰকাৰৰ সিদ্ধান্তৰ সপক্ষে মাত্র ১৪৫ গৰাকী অধিবক্তাইহে ভোটদান কৰে। উত্তৰ গুৱাহাটীলৈ গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰ কৰাৰ চৰকাৰৰ সিদ্ধান্তৰ প্ৰতিবাদ জনাই বাৰ এছ’ছিয়েচনে দীর্ঘদিন ধৰি প্ৰতিবাদ কৰি আহিছিল যদিও চৰকাৰে এই প্রতিবাদক বিশেষ গুৰুত্ব দিয়া নাছিল। আনকি উচ্চ ন্যায়ালয়ৰ নতুন চৌহদৰ আধাৰশিলা স্থাপনৰ বাবেও চৰকাৰ সাজু হৈ থকাৰ আগমুহূৰ্তত যোৱা ৮ৰ পৰা ১১ ডিচেম্বৰলৈ গোপন বেলটৰ জৰিয়তে অধিবক্তা সমাজৰ মাজত ভোটগ্রহণ অনুষ্ঠিত হয়। কালি বেলটসমূহ গণনা কৰাৰ হয়। ন’টাত ২৭গৰাকীয়ে ভোটদান কৰে আৰু ১৩টা ভোট বাতিল হয়। ভোটগণনাৰ এই ফলাফলৰ উদ্ধৃতিৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এছ’ছিয়েচনে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ জৰুৰী পত্ৰ প্ৰেৰণৰ সিদ্ধান্ত গ্রহণ কৰিব বুলি সংগঠনটোৱে প্রকাশ কৰে।
Site Admin | December 13, 2025 12:40 PM | Gauhati High Court Vote
গুৱাহাটী উচ্চ ন্যায়ালয় উত্তৰ গুৱাহাটীলৈ স্থানান্তৰৰ বিৰুদ্ধে ১,১৬৪ গৰাকী অধিবক্তাৰ ভোট