জনসাধাৰণক নিৰপেক্ষ আৰু ক্ষীপ্ৰ ন্যায় প্ৰদানৰ বাবে চৰকাৰে পূৰ্বে ঘোষণা কৰা বিচাৰ নিৰীক্ষণ সঞ্চালকালয় গঠনৰ কাম সম্পূৰ্ণ হৈছে। এই সঞ্চালকালয়ৰ প্ৰথমগৰাকী সঞ্চালক হিচাপে গুৱাহাটী উচ্চ ন্যায়ালয়ত অসম চৰকাৰৰ অধিবক্তা মাখন ফুকনক নিযুক্তি দিয়া হৈছে। অধিবক্তা ধনশে দাস, শান্তনু ভট্টাচার্য আৰু মানস হালৈক উপ সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে। এতিয়াৰে পৰা এই সঞ্চালকালয়ে অসম আৰক্ষীক গোচৰসমূহৰ সঠিক তদন্তৰ ক্ষেত্ৰত পৰামৰ্শ আগবঢ়াব। পূৰ্বতে আৰক্ষীৰ তদন্তত ৰৈ যোৱা আসোৱাসমূহ বিচাৰ নিৰীক্ষণ সঞ্চালকালয়ৰ তৰফৰ পৰা দূৰ কৰিব পৰা যাব বুলি আশা কৰা হৈছে।
Site Admin | March 14, 2025 8:11 PM | New Appointment
গুৱাহাটী উচ্চ ন্যায়ালয়ত অসম চৰকাৰৰ অধিবক্তা মাখন ফুকনক নিযুক্তি