গুৱাহাটী আৰু সোণাই জলসিঞ্চন প্ৰকল্পত এৰিয়েল লিডাৰ আৰু জি আই এছ সমীক্ষাত ৰাজ্য চৰকাৰৰ অনুমোদন

● অধিক দক্ষতাৰে ৰাজ্যৰ উন্নয়নৰ গতি আগুৱাই নিয়াৰ উদ্দেশ্যেৰে চৰকাৰে গুৱাহাটী আৰু সোণাই জলসিঞ্চন প্ৰকল্পত এৰিয়েল লিডাৰ আৰু জি আই এছ সমীক্ষাত অনুমোদন জনাইছে। গুৱাহাটী পৌৰ নিগম আৰু গুৱাহাটী নগৰ উন্নয়ন প্ৰাধিকৰণৰ অন্তৰ্গত ৩২৮ বর্গ কিলোমিটাৰ এলেকাত জৰীপ কৰা হ’ব। আনহাতে কাছাৰ জিলাৰ সোণাই জলসিঞ্চন প্ৰকল্পৰ ১৪৭ বর্গ কিলোমিটাৰ অঞ্চল এই জৰীপৰ জৰিয়তে সামৰি লোৱা হ’ব। এই জৰীপ ব্যৱস্থাৰে নগৰীয়া সম্পত্তি ব্যৱস্থা আৰু স্মাৰ্ট চিটি প্রশাসন সুনিশ্চিত হ’ব। ভৱিষ্যতৰ গুৱাহাটীৰ বাবে আন্তঃগাঁথনিৰ পৰিকল্পনা আৰু কাছাৰ জিলাত উন্নত জলসিঞ্চনৰ পৰিকল্পনাৰ বাবে এই ব্যৱস্থাই বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।