● কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি গুৱাহাটী আৰু বটদ্ৰৱাত কেইবাটাও প্রকল্প উদ্বোধন কৰাৰ লগতে ভালেমান কার্যসূচীত অংশ ল’ব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী কালি গুৱাহাটীলৈ অহাৰ কথা আছিল যদিও ঘন কুঁৱলীৰ বাবে তেওঁৰ বিমান যাত্রা বাতিল হোৱাত অসম ভ্রমণ এদিন পিছুৱাই দিবলগীয়া হয়। আজি পুৱা গুৱাহাটীত উপস্থিত হৈ শ্ৰীশ্বাহে শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰি অসম আন্দোলনৰ বীৰ শ্বহীদসকলৰ প্ৰতি শ্রদ্ধা জনাব।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছত নগাঁও জিলাৰ বটদ্ৰৱাত ৰাজ্য চৰকাৰে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ঐতিহাসিক বটদ্ৰৱা প্রকল্প উদ্বোধন কৰিব। এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা আৰু মন্ত্ৰী বিমল বৰা উপস্থিত থাকিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাক কলা-সংস্কৃতি আৰু আধ্যাত্মিকতাৰ অন্যতম প্রাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ কৰি তোলাত এই প্রকল্পই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। শ্ৰীশ্বাহে আজি বৰদোৱাত এটা ৰাজহুৱা সমদলতো অংশলোৱাৰ কথা।
উল্লেখযোগ্য যে ২২২ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা বটদ্ৰৱা প্ৰকল্পত গুৰু আসন ভৱন, মণিকাঞ্চন নামঘৰ, দক্ষতা বিকাশ কেন্দ্ৰ, গৱেষণা কেন্দ্ৰ, কলা কেন্দ্ৰ, নাটঘৰ, দহটা জনগোষ্ঠীয় কুটিৰকে ধৰি বিভিন্ন ব্যৱস্থা থাকিব।
গৃহমন্ত্ৰীগৰাকীয়ে গুৱাহাটী মহানগৰৰ সুৰক্ষা ব্যৱস্থা অধিক উন্নত কৰাৰ লক্ষ্যৰে এটা নতুন আৰক্ষী আয়ুক্তালয় আৰু সংহত কমাণ্ড আৰু নিয়ন্ত্ৰণ ব্যৱস্থা মুকলি কৰিব। তেওঁ লগতে খানাপাৰাত নৱ নিৰ্মিত ৫ হাজাৰ আসনযুক্ত জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহ উদ্বোধন কৰিব। ৪৫ বিঘা এলেকাজুৰি ২৯১ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰেক্ষাগৃহত সন্মিলন ভৱন, অত্যধুনিক দৃশ্য-শ্ৰা ব্যৱস্থা, ডিজিটেল আন্তঃগাঁথনিকে ধৰি বহুবোৰ উন্নত মানৰ ব্যৱস্থা থাকিব। গৃহমন্ত্ৰীগৰাকীয়ে এই প্রেক্ষাগৃহতে জন্মগতভাৱে থকা হৃদৰোগৰ পৰা সুস্থ হোৱা এহেজাৰ শিশুৰ অভিবাদন অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ ল’ব। শ্ৰীশ্বাহে নতুন ফৌজদাৰী আইন ৰূপায়ণৰ দিশত অসমে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত আয়োজিত এখন প্ৰদৰ্শনী পৰিদৰ্শন কৰিব।