মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত আয়োজিত এখন বৈঠকত গুৱাহাটী আৰু ডিব্ৰুগড়ত সমাগত গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতিৰ বুজ লয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ ৩৯ খন সমজিলাতো এইবাৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচী পালন কৰাৰ বাবে নির্দেশ দিয়ে। জিলা ভিত্তিত আয়োজিত কাৰ্যসূচীৰ দৰে যাতে সম জিলাকেইখনত গণৰাজ্য দিৱসত আৰক্ষীৰ পেৰেড অনুষ্ঠিত হয় তাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে। ইয়াৰ বাবে প্ৰয়োজনীয় পুঁজি মোকলাই দিবলৈ সাধাৰণ প্ৰশাসন বিভাগক নিৰ্দেশ দিয়া হয়। সমাগত গণৰাজ্য দিৱস উপলক্ষে সকলো প্ৰান্ততে স্বচ্ছতা অভিযান আৰম্ভ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জিলা প্ৰশাসনসমূহক নিৰ্দেশ দিয়ে। গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ২৫ জানুৱাৰীৰ আবেলি গুৱাহাটী আৰু ডিব্ৰুগড়ত অসম আৰক্ষীয়ে ৰোডপাষ্ট কাৰ্যসূচী গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই প্ৰকাশ কৰে। তেওঁ লগতে অন্যান্য জিলা সদসমূহতো এনে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আহ্বান জনায়। এইবেলি গুৱাহাটীৰ খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ৰাজ্যপালন লক্ষ্মণ প্রসাদ আচার্যই ত্ৰিৰংগ পতাকা উত্তোলন কৰিব। ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পতাকা উত্তোলন কৰিব।
Site Admin | January 17, 2025 8:16 PM | R Day Situation - CM
গুৱাহাটী আৰু ডিব্ৰুগড়ত সমাগত গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতিৰ বুজ ল’লে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই