গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱন শীঘ্ৰে মুকলি কৰি দিবৈল দীৰ্ঘদিন ধৰি ৰাজ্যৰ শিল্পী সমাজৰ দাবী

● গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱন শীঘ্ৰে মুকলি কৰি দিবৈল দীৰ্ঘদিন ধৰি ৰাজ্যৰ শিল্পী সমাজে দাবী জনাই আহিছে। কালি সাংস্কৃতিক ঐক্য মঞ্চ অসমে পুনৰ এই দাবী জনায়। গুৱাহাটীৰ চেনিকুঠীৰ সূৰ্য সমলয় ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত কালি বিশিষ্ট নাট্যকর্মী ৰবিজিতা গগৈয়ে শিল্পীসকলৰ সুবিধাৰ্থে ৰবীন্দ্ৰ ভৱন প্ৰাংগণত থকা প্ৰেক্ষাগৃহ আৰু কলাবিথিকা শীঘ্ৰে মুকলি কৰি দিয়াৰ বাবে দাবী জনায়।

ভৱনটোত চলি থকা মেৰামটি কাৰ্য শীঘ্ৰেই সম্পন্ন কৰি মুকলি কৰি দিবলৈ জুবিন গাৰ্গৰ লগতে এহেজাৰ ১০৮ গৰাকী ন-পুৰণি শিল্পীৰ স্বাক্ষৰ সম্বলিত এখন স্মাৰকপত্ৰ ইতিপূৰ্বে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হৈছিল বুলি সংবাদমেলত প্ৰকাশ কৰা হয়। এই সংবাদমেলত বিশিষ্ট নাট্যকর্মী জ্যোতি নাৰায়ণ নাথ, ভাগীৰথী বাই কদম আৰু হিমাংশু প্রসাদ দাসো উপস্থিত থাকে।