ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱন পুনৰ মুকলিৰ দাবীত সাংস্কৃতিক ঐক্যমঞ্চ অসমৰ প্ৰতিবাদ

৩ বছৰ ধৰি বন্ধ হৈ থকা গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱন পুনৰ মুকলি কৰাৰ দাবীত আজি সাংস্কৃতিক ঐক্যমঞ্চ অসমে প্ৰতিবাদ সাব্যস্ত কৰে। ঐক্যমঞ্চৰ নেতৃত্বত নাট্যশিল্পী, অভিনেতা, শিল্পী কলাকুশলীসকলে গীতে-মাতে প্ৰতিবাদ সাব্যস্ত কৰি ছমাহৰ ভিতৰত ৰবীন্দ্ৰ ভৱন মুকলি কৰি দিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনায়। উল্লেখযোগ্য যে কেইবা দশক জুৰি ৰবীন্দ্ৰ ভৱনৰ মঞ্চখন শিল্প সংস্কৃতিৰ ধাৰাবাহিক চৰ্চা আৰু বিকাশৰ ঐতিহ্যপূৰ্ণ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে। এই মঞ্চতেই অসমৰ ভালেসংখ্যক আগশাৰীৰ শিল্পীৰ উত্তৰণ হৈছে। আজি প্ৰতিবাদকাৰী শিল্পীৰ দলটোৱে বিলম্ব নকৰাকৈ আৰু কম ব্যয় সাপেক্ষে ভৱনটো ছমাহৰ ভিতৰত মেৰামতি কৰিবলৈ আহ্বান জনায়। ইপিনে, এই সন্দৰ্ভত সাংস্কৃতিক মন্ত্রী বিমল বৰাই কয়, যে ৰবীন্দ্ৰ ভৱনটো পুনৰ নিৰ্মাণৰ বাবে চৰকাৰে সুসংগঠিত পৰিকল্পনা গ্রহণ কৰিছে আৰু নিয়াৰিকৈ এই কাম কৰাৰ বাবে চৰকাৰক কিছু সময়ৰ প্ৰয়োজন হৈছে। এই পৰিকল্পনা ৰূপায়ণৰ বাবে চৰকাৰ শেষ পৰ্যায়ত উপনীত হৈছে আৰু শীঘ্ৰেই ৰবীন্দ্ৰ ভৱনটো পুনৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।