ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

গুৱাহাটীৰ সংৰক্ষিত বনাঞ্চলৰ দখলকাৰীৰ কৱলত প্ৰায় ৪,২৪০ হেক্টৰ ভূমি ২০২৬ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত দখলমুক্ত কৰিবলৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ অসম চৰকাৰলৈ নিৰ্দেশ

 

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে গুৱাহাটীৰ সংৰক্ষিত বনাঞ্চলত দখলকাৰীৰ কৱলত থকা প্ৰায় ৪ হাজাৰ ২৪০ হেক্টৰ ভূমি ২০২৬ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত দখলমুক্ত কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। উল্লেখযোগ্য যে কিছুদিন পূর্বে বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষকে গুৱাহাটীৰ সংৰক্ষিত বনাঞ্চলসমূহৰ বৃহৎ পৰিমাণৰ ভূমি দখলকাৰীৰ কৱলত আছে বুলি ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণত প্রতিবেদন দাখিল কৰিছিল। প্ৰতিবেদনত উল্লেখ কৰা মতে কামৰূপ মহানগৰ জিলাৰ ১২ খন সংৰক্ষিত বনাঞ্চলৰ ৮ খনৰ বৃহৎ পৰিমাণৰ ভূমি অবৈধভাৱে দখল কৰা হৈছে। ইয়াৰ ভিতৰত ফটাশিল, দক্ষিণ কালাপাহাৰ, গোটানগৰ, হেঙেৰাবাৰী, গড়ভাঙা, মাৰাকদোলা, পশ্চিম এপ্ৰিকোলা আৰু মতাপাহাৰ সংৰক্ষিত বনাঞ্চল আছে। অৱশ্যে বন বিভাগে এই বনাঞ্চলসমূহত বাস কৰা থলুৱা লোকসকলক বাদ দি দখলিকৃত ভূমিৰ পৰিমাণ নিৰ্ধাৰণ কৰি ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণত সবিশেষ তথ্য দাখিল কৰিছে। ৰাজ্য চৰকাৰে উচ্ছেদৰ প্ৰাৰম্ভিক প্ৰস্তুতি আৰম্ভ কৰিছে। ইতিমধ্যে মালিগাঁৱৰ আদিংগিৰি পাহাৰত থকা ফটাশিল সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত অঞ্চলত উচ্ছেদ জাননী জাৰি কৰা হৈছে।