গুৱাহাটীৰ শ্ৰীশ্ৰীমাধৱদেৱ আন্তৰ্জাতিক প্রেক্ষাগৃহত ২ ডিচেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ নটসূৰ্যৰ অষ্টবিংশতিতম নাট সমাৰোহ

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীমাধৱদেৱ আন্তৰ্জাতিক প্রেক্ষাগৃহত অহা ২ ডিচেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ নটসূৰ্যৰ অষ্টবিংশতিতম নাট সমাৰোহৰ আয়োজন কৰা হৈছে। নাট সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত সাহিত্য একাডেমী বঁটাপ্রাপক, নৃত্যাচার্য পদ্মশ্ৰী সন্মানেৰে সন্মানিত যতীন গোস্বামীয়ে মুখ্য অতিথি হিচাপে অংশ ল’ব। উদ্বোধনী অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ভাস্কৰ বৰুৱাৰ দ্বাৰা ৰচিত মলখু শীর্ষক নাটখন প্রদর্শন কৰা হ’ব। এইবাৰ বিশিষ্ট নাট্যকাৰ, পৰিচালক আৰু অভিনেতা লিয়াকত আলীক গিয়াছ উদ্দিন আহমেদ স্মাৰক বঁটা প্ৰদান কৰা হ’ব। সামৰণি নাট্য সন্ধ্যাত মুখ্য অতিথি হিচাপে মন্ত্রী জয়ন্ত মল্লবৰুৱাই অংশ লোৱাৰ কথা। নাট সমাৰোহৰ ৬ ডিচেম্বৰৰ বাহিৰে প্ৰতিটো সন্ধিয়াৰ প্ৰৱেশ বিনামূলীয়া হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে।